২২ জানুৱাৰীৰ পুৱা ৭ বজাত নিৰ্ভয়া কাণ্ডৰ ৪ দোষীৰ ফাঁচি, ক্ষমা আবেদন নাকচ

News18 Assam | News18-Assam
Updated:January 8, 2020, 3:26 PM IST
২২ জানুৱাৰীৰ পুৱা ৭ বজাত নিৰ্ভয়া কাণ্ডৰ ৪ দোষীৰ ফাঁচি, ক্ষমা আবেদন নাকচ
২০১২ চনৰ নিৰ্ভয়া কাণ্ডৰ ৪ দোষীৰ ডেথ ৱাৰেণ্ট জাৰি কৰিলে পাটিয়ালা হাউছ কোৰ্টে।

২০১২ চনৰ নিৰ্ভয়া কাণ্ডৰ ৪ দোষীৰ ডেথ ৱাৰেণ্ট জাৰি কৰিলে পাটিয়ালা হাউছ কোৰ্টে।

  • Share this:
দেশ কঁপাই যোৱা ২০১২ চনৰ নিৰ্ভয়া কাণ্ডৰ ৪ দোষীৰ ডেথ ৱাৰেণ্ট জাৰি কৰিলে পাটিয়ালা হাউছ কোৰ্টে। চাৰিওজন দোষীক ২২ জানুৱাৰীৰ পুৱা ৭ বজাত ফাঁচিকাঠত ওলমোৱা হ’ব। আদালতৰ ন্যায়াধীশে ভিডিঅ’ কনফাৰেঞ্চৰ জৰিয়তে চাৰিও দোষীৰ সৈতে বাৰ্তালাপ কৰে। তাৰ পিছতে আদালতে এই নিৰ্দেশনা জাৰি কৰে। আনহাতে, দোষী পক্ষৰ অধিবক্তাই কয় যে শীঘ্ৰে উচ্চতম ন্যায়ালয়ত কিউৰেটিভ পিটিচন দাখিল কৰিব।

নিৰ্ভয়াৰ পিতৃয়ে কয় – ‘মই আদালতৰ সিদ্ধান্তত সুখী। দোষীক ২২ জানুৱাৰীৰ পুৱা ৭ বজাত ফাঁচি দিয়া হ’ব। এই সিদ্ধান্তৰ দ্বাৰা এনেধৰণৰ অপৰাধ কৰিবলৈ ভয় কৰিব।

ইফালে, নিৰ্ভয়াৰ মাতৃয়ে কয় যে মোৰ কন্যাই ন্যায় পালে।


তিহাৰ জে’লৰ মুখপাত্ৰ ৰাজকুমাৰে NEWS18 ইণ্ডিয়াৰ আগত কয় যে প্ৰস্তুতি সম্পন্ন হৈছে। ফাঁচিৰ বাবে সকলো প্ৰস্তুতি সম্পন্ন হৈছে। কিন্তু, দোষীৰ ওজনৰ পুনৰ পৰীক্ষা কৰা হ’ব। ২২ জানুৱাৰীৰ পুৱাৰ বাবে সাজু সকলো।

নিৰ্ভয়া কাণ্ডক লৈ এতিয়া কোনো গোচৰ দিল্লীৰ কোনো আদালতত বিচাৰাধীন হৈ থকা নাই। বিগত এমাহত প্ৰায় ৩খন আবেদন উচ্চতম ন্যায়ালয়, উচ্চ ন্যায়ালয় আৰু পাটিয়ালা হাউছ কোৰ্টত খাৰিজ হৈছে। উচ্চতম ন্যায়ালয়ে এজন দোষীৰ পুনৰবিচাৰৰ আবেদন খাৰিজ কৰিছে। আনহাতে, দিল্লী হাইক’ৰ্টে আন এজন দোষীয়ে নিজকে জুভেনাইল হিচাপে কৰা আবেদন খাৰিজ কৰিছে।

কিন্তু ডেথ ৱাৰেণ্ট জাৰি কৰাৰ পিছতো দোষীৰ হাতত থাকিব বিকল্প। যি বিকল্পৰ আশ্ৰয় লৈ দোষীয়ে ফাঁচিৰ তাৰিখ পিছুৱাব পাৰে। দোষীৰ অধিবক্তাই কৈছে যে তেওঁলোকে উচ্চতম ন্যায়ালয়ত কেউৰেটিভ পিটিচন দাখিল কৰিব। ইয়াৰ অৰ্থ হ’ল যদি উচ্চতম ন্যায়ালয়ে এই কিউৰেটিভ পিটিচনৰ ওপৰত শুনানি গ্ৰহণ কৰে আৰু ১৪ দিনৰ ভিতৰত সিদ্ধান্ত নাহে, তেন্তে ফাঁচিৰ তাৰিখ পিছুৱাব পাৰে। দ্বিতীয় বিকল্প হ’ল ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ টেবুলত দোষীৰ ক্ষমা আবেদন পৰি আছে। যদি ৰাষ্ট্ৰপতিয়ে এই ক্ষমা আবেদনক লৈ ১৪ দিনৰ ভিতৰত সিদ্ধান্ত গ্ৰহণ নকৰে তেন্তেও ফাঁচিৰ তাৰিখ সলনি হোৱাৰ সম্ভাৱনা আছে।

কিন্তু ৰাষ্ট্ৰপতিয়েও সিদ্ধান্ত লোৱাৰ বাবে আইন মন্ত্ৰণালয় আৰু গৃহ মন্ত্ৰণালয়ৰ পৰামৰ্শক গুৰুত্ব দিয়ে, যিটো দোষীসকলৰ বিৰুদ্ধে আছে। এনে অৱস্থাত ৰাষ্ট্ৰপতিৰ ফালৰ পৰা ক্ষমাৰ কোনো আশা পৰিলক্ষিত হোৱা নাই। চাৰিও দোষীৰ অধিবক্তাই আগলৈ কি পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব।
NEWS18 অসম ত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি