যিকোনো দোষীকে ফাঁচি দিয়াৰ পূৰ্বে বিভিন্ন কথাত গুৰুত্ব দিয়া হয়। অভিযুক্ত শাৰীৰিকভাৱে সুস্থ হ’ব লাগিব। তেওঁৰ ওপৰত কোনো ধৰণৰ গোচৰ বাকী থাকিব নালাগিব। সম্ভৱতঃ সেইবাবেই নিজৰ ওপৰত গোচৰ ৰুজু কৰাবৰ বাবেই বিনয়ে আত্মহত্যাৰ চেষ্টা কৰিছিল।
যিকোনো দোষীকে ফাঁচি দিয়াৰ পূৰ্বে বিভিন্ন কথাত গুৰুত্ব দিয়া হয়। অভিযুক্ত শাৰীৰিকভাৱে সুস্থ হ’ব লাগিব। তেওঁৰ ওপৰত কোনো ধৰণৰ গোচৰ বাকী থাকিব নালাগিব। সম্ভৱতঃ সেইবাবেই নিজৰ ওপৰত গোচৰ ৰুজু কৰাবৰ বাবেই বিনয়ে আত্মহত্যাৰ চেষ্টা কৰিছিল।
তিহাৰ জে’লত বন্দী নিৰ্ভয়া কাণ্ডৰ ৪ দোষীৰ মাজৰ বিনয় নামৰ দোষীজনে বুধবাৰে আত্মহত্যা কৰাৰ চেষ্টা চলায়। জে’লৰ ভিতৰতে চিপ লৈ আত্মহত্যাৰ চেষ্টা চলায় বিনয়ে। অৱশ্যে, কৰ্তব্যৰত আৰক্ষীয়ে উদ্ধাৰ কৰে বিনয়ক। চাৰিও দোষীক ২৪ ঘণ্টাই CCTVৰ নিৰীক্ষণত ৰখাৰ সময়তে আত্মহত্যাৰ চেষ্টা চলায় বিনয়ে। বিনয়ে আত্মহত্যাৰ চেষ্টা চলোৱাৰ কথা সদৰি কৰিছে তেওঁৰ অধিবক্তা এ পি সিঙে। আনহাতে, তিহাৰ জে’লৰ DG সন্দীপ গোৱেলে এই ঘটনা অস্বীকাৰ কৰিছে।
সূত্ৰ অনুসৰি, জে’ল নং ৪ৰ এজনীয়া কোঠাত ৰখা হৈছিল বিনয়ক। কোঠা আৰু শৌচালয়ৰ মাজত আছে মাত্ৰ এখন পৰ্দা। বুধবাৰে পুৱা ৯.১০ বজাত এখন কাপোৰেৰে চিপ লৈ আত্মহত্যাৰ চেষ্টা চলায় বিনয়ে। সেই সময়তে নিৰাপত্তাৰক্ষীৰ দৃষ্টি পৰাত উদ্ধাৰ কৰে দোষীজনক।
উল্লেখযোগ্য যে যিকোনো দোষীকে ফাঁচি দিয়াৰ পূৰ্বে বিভিন্ন কথাত গুৰুত্ব দিয়া হয়। অভিযুক্ত শাৰীৰিকভাৱে সুস্থ হ’ব লাগিব। তেওঁৰ ওপৰত কোনো ধৰণৰ গোচৰ বাকী থাকিব নালাগিব। সম্ভৱতঃ সেইবাবেই নিজৰ ওপৰত গোচৰ ৰুজু কৰাবৰ বাবেই বিনয়ে আত্মহত্যাৰ চেষ্টা কৰিছিল। যাৰ দ্বাৰা তেওঁৰ ওপৰত আত্মহত্যাৰ চেষ্টা চলোৱাৰ গোচৰ ৰুজু হোৱাটো বিচাৰিছিল!
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|