ফাঁচি কেতিয়া হ’ব? এইবাৰ নিৰ্ভয়া কাণ্ডৰ দোষী অক্ষয়ে দাখিল কৰিলে কিউৰেটিভ পিটিচন

News18 Assam | News18-Assam
Updated:January 29, 2020, 8:44 AM IST
ফাঁচি কেতিয়া হ’ব? এইবাৰ নিৰ্ভয়া কাণ্ডৰ দোষী অক্ষয়ে দাখিল কৰিলে কিউৰেটিভ পিটিচন
অক্ষয়ৰ পিছত বিনয়ে আজি ৰাষ্ট্ৰপতিলৈ ক্ষমা আবেদন কৰাৰ সম্ভাৱনা আছে।

অক্ষয়ৰ পিছত বিনয়ে আজি ৰাষ্ট্ৰপতিলৈ ক্ষমা আবেদন কৰাৰ সম্ভাৱনা আছে।

  • Share this:
ফাঁচিৰ দিন ঘোষণাৰ পিছত ইখনৰ পিছত সিখন নাটক ৰচনা কৰিছে নিৰ্ভয়া কাণ্ডৰ চাৰি দোষীয়ে। ১ ফেব্ৰুৱাৰীত চাৰিওজন দোষীৰ ফাঁচিৰ দিন ঘোষণা কৰা হৈছে যদিও এই দিন পিছুৱাবলৈ এতিয়া উঠিপৰি লাগিছে আটাইকেইজন। মুকেশে তিহাৰ জে’লত যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰাৰ পিছত এইবাৰ দোষী অক্ষয় সিঙে উচ্চতম ন্যায়ালয়ত দাখিল কৰিছে কিউৰেটিভ পিটিচন।

আনহাতে, অক্ষয়ৰ পিছত বিনয়ে আজি ৰাষ্ট্ৰপতিলৈ ক্ষমা আবেদন কৰাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে ২০১২ চনত সংঘটিত বিশ্ব কঁপোৱা নিৰ্ভয়া কাণ্ডৰ চাৰি দোষী মুকেশ সিং, পৱন গুপ্তা, অক্ষয় কুমাৰ সিং ঠাকুৰ আৰু বিনয় শৰ্মাক ফাঁচিৰ শাস্তি বিহা হৈছে। আটাইকে ১ ফেব্ৰুৱাৰীৰ পুৱা ৬ বজাত ফাঁচি দিয়াৰ কথা।

আনহাতে, আন এজন দোষী মুকেশ সিঙে তিহাৰ জে’লত যৌন নিৰ্যাতনৰ বলি হোৱা বুলি কৰা অভিযোগৰ লগতে ৰাষ্ট্ৰপতিৰ ক্ষমা আবেদন খাৰিজ কৰা সিদ্ধান্তক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। আজি উচ্চতম ন্যায়ালয়ত এই গোচৰৰ শুনানি হোৱাৰ সম্ভাৱনা আছে।
আৰু চাওক
পৰৱৰ্তী বাতৰি