নিৰ্ভয়া কাণ্ডৰ দোষী মুকেশৰ ফাঁচি নিশ্চিত, আজি অক্ষয়ৰ আবেদনৰ শুনানি উচ্চতম ন্যায়ালয়ত

News18 Assam | News18-Assam
Updated:January 30, 2020, 8:03 AM IST
নিৰ্ভয়া কাণ্ডৰ দোষী মুকেশৰ ফাঁচি নিশ্চিত, আজি অক্ষয়ৰ আবেদনৰ শুনানি উচ্চতম ন্যায়ালয়ত
দোষী বিনয় আৰু মুকেশে দাখিল কৰা শুধৰণিমূলক আবেদন সৰ্বোচ্চ ন্যায়ালয়ে পূৰ্বেই খাৰিজ কৰিছে।

দোষী বিনয় আৰু মুকেশে দাখিল কৰা শুধৰণিমূলক আবেদন সৰ্বোচ্চ ন্যায়ালয়ে পূৰ্বেই খাৰিজ কৰিছে।

  • Share this:
নিৰ্ভয়া কাণ্ডৰ চাৰি দোষীয়ে নিজৰ ফাঁচিৰ শাস্তিৰ পৰা ৰেহাই পাবৰ বাবে তথা দিন পিছুৱাবলৈ অব্যাহত ৰাখিছে প্ৰচেষ্টা। এটাৰ পিছত আনটো বিকল্প ব্যৱহাৰ কৰিছে চাৰি দোষীয়ে। কিন্তু উচ্চতম ন্যায়ালয়ে ইখনৰ পিছত সিখন আবেদন খাৰিজ কৰি আহিছে নিৰ্ভয়া কাণ্ডৰ দোষীৰ। বুধবাৰে দোষী অক্ষয়ে উচ্চতম ন্যায়ালয়ত শুধৰণিমূলক আবেদন দাখিল কৰিছিল। আজি সৰ্বোচ্চ ন্যায়ালয়ে অক্ষয়ৰ এই আবেদনৰ শুনানি গ্ৰহণ কৰিব।

উল্লেখযোগ্য যে আন দোষী বিনয় আৰু মুকেশে দাখিল কৰা শুধৰণিমূলক আবেদন সৰ্বোচ্চ ন্যায়ালয়ে পূৰ্বেই খাৰিজ কৰিছে। ইয়াৰ পিছতে বিনয়ে আৰু এখন ক্ষমা আবেদন ৰাষ্ট্ৰপতিৰ ওপৰত দাখিল কৰে। আনহাতে পৱন গুপ্তাই এতিয়ালৈকে শুধৰণিমূলক আবেদন দাখিল কৰা নাই, তেওঁৰ ওচৰত এই বিকল্প এতিয়াও আছে।

অক্ষয়ে ন্যায়ালয়ৰ পৰা জানিব বিচাৰে যে যদি আবেদনকাৰীক জীয়াই থাকিবলৈ দিয়া হয় আৰু জে’লৰ ভিতৰত থাকি পৰিয়ালৰ বাবে সামান্য উপাৰ্জন কৰাৰ অনুমতি দিয়া হয়, তেন্তে তেওঁ নিজৰ কোঠাৰ ভিতৰত সমাজৰ বাবে কি বিপদ মাতি আনিব। আবেদনকাৰীয়ে ন্যায়ালয়ক প্ৰশ্ন কৰে যে তেওঁৰ জীৱন শেষ কৰাৰ পৰিৱৰ্তে যাৱজ্জীৱন কাৰাদণ্ডৰে কিয় সামাজিক চেতনা সন্তুষ্ট নহ’ব।

মুঠৰ ওপৰত মৃত্যুদণ্ডৰ পৰা বাচিবলৈ চাৰিও দোষীয়ে চলাইছে ইটোৰ পিছত সিটো প্ৰচেষ্টা। মৃত্যুদণ্ডৰ শাস্তি যাতে যাৱজ্জীৱন কাৰাদণ্ডলৈ সলনি কৰিব পাৰি তাৰ বাবে চেষ্টা চলাই আছে দোষীৰ অধিবক্তাই।
আৰু চাওক
পৰৱৰ্তী বাতৰি