উচ্চতম ন্যায়ালয়ত এক চাঞ্চল্যকৰ দাবী কৰিছে নিৰ্ভয়া কাণ্ডৰ অন্যতম অভিযুক্ত মুকেশ সিঙে। মঙলবাৰে ছুপ্ৰীম ক’ৰ্টত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে খাৰিজ কৰা ক্ষমা আৱেদনৰ বিৰুদ্ধে কৰা আৱেদনৰ শুনানিত মুকেশ সিঙৰ অধিবক্তা অঞ্জনা প্ৰকাশে কয় যে, এই গোচৰৰ এজন অভিযুক্তক জেলৰ ভিতৰতে হত্যা কৰা হৈছিল।
ক’ৰ্টত মুকেশৰ আৱেদন পঢ়ি অধিবক্তাই কয়, মুকেশে লগতে দাবী কৰিছে যে এজন অভিযুক্তই দৰাচলতে আত্মহত্যা কৰা নাছিল, তেওঁক জেলৰ ভিতৰত হত্যা কৰা হৈছিল। বহু বছৰলৈকে এই কথা লুকুৱাই ৰখা হৈছে। কেৱল ইমানেই নহয় জেলৰ ভিতৰত মুকেশৰ সৈতে যৌন নিৰ্যাতনো হৈছে। জেলত তেওঁ মৃত্যু জীয়াই আছে।
আত্মহত্যা কৰা নিৰ্ভয়াৰ দোষী ৰাম সিং কোন?৩২বছৰীয়া ৰাম আছিল এজন বাছ চালক। নিৰ্ভয়াৰ গেংগৰেপ হোৱাৰ বাছখন চলোৱা চালকেই আছিল ৰাম সিং। এই গোচৰৰ মুখ্য অভিযুক্ত ৰাম সিঙেই আছিল। নিৰ্ভয়াৰ সৈতে গেংগৰেপ কৰাৰ লগতে তেওঁৰ বন্ধুৱে ৰডেৰে মাৰপিট কৰিছিল দুৰ্ভগীয়া ছোৱালীজনীক। এই বৰ্বৰ ঘটনাৰ কেইটামান ঘণ্টাৰ ভিতৰতে আৰক্ষীয়ে ৰাম সিঙক গ্ৰেপ্তাৰ কৰিছিল। কিন্তু শাস্তি শুনোৱাৰ আগতে জেলৰ ভিতৰত ৰাম সিঙে চিপ লৈ আত্মহত্যা কৰিছিল।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|