দিল্লীৰ পাটিয়ালা হাউচ ক’ৰ্টে আজি নিৰ্ভয়াৰ চাৰি দোষীৰ ফাঁচি পৰৱৰ্তী আদেশ পৰ্যন্ত স্থগিত ৰাখিছে। নিৰ্ভয়াৰ মাতৃয়ে ফাঁচি স্থগিত কৰাৰ পিছতে হতাশাগ্ৰস্ত হৈ কৈছিল, আমি হতাশ হৈছো। দোষীক ফাঁচিকাঠত নোতোলা পৰ্যন্ত যুঁজ অব্যাহত ৰাখিম। কেৱল আজি পুৱা ৬বজাৰ ফাঁচিয়ে নহয় ইয়াৰ আগতে ২২জানুৱাৰীৰ পুৱা ৭বজাত হ’বলগীয়া ফাঁচিৰ পৰা ৰক্ষা পাইছিল দোষী চাৰিটাই। বিভিন্ন আইনী কৌশল অৱলম্বন কৰি ফাঁচিৰ পৰা বাচিবলৈ চেষ্টা কৰি আছে। বিগত আঠ বছৰে ন্যায়ৰ কাৰণে যুঁজি এতিয়া হতাশ হৈ পৰিছে পিতৃ–মাতৃ।
মোৰ চকুপানী কোনেও দেখা নাই...মাতৃৰ পিছত দুৰ্ভগীয়া ছোৱালীজনীৰ পিতৃয়ে এইবাৰ ক্ষোভৰ বিস্ফোৰণ ঘটাই কয়,
‘কেজৰিৱালে নিবিচাৰে যে ফাঁচি হওক। কেজৰিৱালৰ কাৰণে বিদ্যুৎ–পানী গুৰুত্বপূৰ্ণ, মহিলা সুৰক্ষা গুৰুত্বপূৰ্ণ নহয়। কেজৰিৱালে একো কৰা নাই।’ দ্বিতীয়বাৰলৈ
ফাঁচি স্থগিত হোৱাৰ পিছতে ক্ষুব্ধ মাতৃয়ে কৈছিল,
‘এতিয়া মই কি কৰো? মোৰ চকুপানী কোনেও দেখা নাই।’ ইয়াৰ আগতেও মাতৃয়ে চৰকাৰক হস্তক্ষেপ কৰিবলৈ আহ্বান জনাইছিল।
কেজৰিৱালে দিলে উত্তৰদিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে এইবোৰ অভিযোগৰ উত্তৰ দিছে টুইটাৰত, তেওঁ কয়, মই দুঃখিত যে নিৰ্ভয়াৰ অপৰাধীয়ে আইনী মেৰ–পেচৰ সুযোগ গ্ৰহণ কৰি ফাঁচি স্থগিত কৰিছে। ফাঁচি তৎক্ষণাৎ হ’ব লাগে। আমাৰ আইনী ব্যৱস্থা কঠোৰ কৰিবলৈ হ’ল যাতে বলাৎকাৰীয়ে ৬মাহৰ ভিতৰত ফাঁচিকাঠত ওলমে।
উল্লেখযোগ্য যে শুনানিৰ সময়ত তিহাৰৰ অধিবক্তাই কৈছিল যে যিহেতু বিনয়ে নিজৰ আৱেদনৰ উত্তৰলৈ বাট চাইছে সেয়ে বাকী তিনিওটা দোষীক নিৰ্ধাৰিত সময়ৰ ভিতৰতে ফাঁচি দিব লাগে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|