কেন্দ্ৰৰ আৱেদনৰ সন্দৰ্ভত নিৰ্ভয়াৰ চাৰি দোষীৰ অধিবক্তাই কৰিছে এই আজৱ মন্তব্য। দলৱদ্ধ বলাৎকাৰ আৰু হত্যাৰ গোচৰত দোষীৰ ফাঁচি কিয় বিলম্ব হৈছে সেই সন্দৰ্ভত কেন্দ্ৰই উচ্চ ন্যায়ালয়ত আৱেদন কৰিছিল। এই আৱেদনৰ শুনানি দেওবাৰে গ্ৰহণ কৰে দিল্লী উচ্চ ন্যায়ালয়ে। শুনানিত দোষীৰ অধিবক্তা এ পি সিঙে কয় যে, খৰধৰকৈ ন্যায় কৰা মানে ন্যায়ক কবৰ দিয়াৰ দৰে। লগতে এই যুক্তি দিয়া হয় যে যিহেতু এটা আদেশতে দিল্লী উচ্চ ন্যায়ালয়ে তেওঁলোকক মৃত্যুদণ্ড দিছে গতিকে তেওঁলোকক ফাঁচিও একেলগে দিব লাগে। একেটা শাস্তি বেলেগ বেলেগ সময়ত বলৱৎ কৰিব নোৱাৰি।
উল্লেখযোগ্য যে দিল্লী উচ্চ ন্যায়ালয়ে দেওবাৰে কেন্দ্ৰৰ আৱেদন সন্দৰ্ভত ৰায় সুৰক্ষিত কৰি ৰাখিছে। নিৰ্ভয়াৰ দলৱদ্ধ বলাৎকাৰ আৰু হত্যাৰ গোচৰত চাৰিওটা দোষীক ফাঁচিৰ শাস্তি স্থগিত কৰাক লৈ প্ৰত্যাহ্বান জনোৱা হৈছিল। ন্যায়মূৰ্তি সুৰেশ কেটে কয় যে আদালতে সকলো পক্ষৰ দলিল শুনিহে আদেশ দিব।
ছলিচিটৰ জেনেৰেলে দিছে এই দলিলছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কেন্দ্ৰৰ হৈ উচ্চ ন্যায়ালয়ত কয় যে, নিৰ্ভয়াৰ দলৱদ্ধ বলাৎকাৰ তথা হত্যাৰ গোচৰত দোষীয়ে আইনৰ অধীনত লাভ কৰা শাস্তি বলৱৎ কৰাত বিলম্ব কৰাৰ সুপৰিকল্পিত ষড়যন্ত্ৰ কৰা হৈছে। তুষাৰ মেহতাই কয়,
‘সমাজ আৰু নিপীড়িতাক ন্যায় দিয়াবলৈ এই আটাইকেইটা দোষীক তাৎক্ষণিকভাৱে ফাঁচিত ওলমোৱা জৰুৰী।’ দোষীয়ে জানি–শুনি ফাঁচি ৰখাবলৈ চেষ্টা কৰাৰ কথা কৈ তেওঁ উল্লেখ কৰে,
‘এইবোৰ জানি–শুনি কৰা হৈছে, এয়া ন্যায়ৰ কাৰণে হতাশাজনিত পৰিস্থিতি। এওঁলোকে এজনী ছোৱালীৰ দলৱদ্ধ বলাৎকাৰ কৰিছিল।’দোষীৰ অধিবক্তা এপি সিঙৰ দলিলতিনিওটা দোষী, (অক্ষয়, বিনয় আৰু পৱন)ৰ অধিবক্তা এ পি সিঙে এই আৱেদনৰ শুনানিত দিল্লী উচ্চ ন্যায়ালয়ে খৰধৰ কৰাৰ অভিযোগ কৰে। তেওঁ সোধে,
‘এই গোচৰত ইমান খৰধৰ কিয় কৰা হৈছে, খৰধৰকৈ ন্যায় কৰা মানে ন্যায়ক সমাধিস্থ কৰা।’ সিঙে লগতে কয় যে,
‘দোষী দৰিদ্ৰ, গ্ৰাম্য পটভূমিৰ আৰু দলিত পৰিয়ালৰ সম্পৰ্কিত, ক’ৰ্টে এই কথাও চোৱা উচিত।’দোষী মুকেশৰ হৈ যুক্তি প্ৰদৰ্শন কৰা জ্যেষ্ঠ অধিবক্তা ৰেবেকা জ’নে কয়, ‘নিয়ম সকলোৰে কাৰণে একেই হয়, দোষী বা চৰকাৰ সেয়া গুৰুত্বপূৰ্ণ নহয়। সকলো দোষীক শাস্তি একেলগে দিলে ফাঁচিও একেলগে দিয়া হ’ব লাগে। আইনে ইয়াৰ অধিকাৰ দিছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|