নিৰ্ভয়া কাণ্ডঃ ১ ফেব্ৰুৱাৰীৰ ফাঁচি স্থগিত হোৱাৰ আশংকা! কেতিয়া হ’ব আচলতে ফাঁচি?

News18 Assam | News18-Assam
Updated:January 29, 2020, 7:24 PM IST
নিৰ্ভয়া কাণ্ডঃ ১ ফেব্ৰুৱাৰীৰ ফাঁচি স্থগিত হোৱাৰ আশংকা! কেতিয়া হ’ব আচলতে ফাঁচি?
১ফেব্ৰুৱাৰীৰ পুৱা ৬বজাত বৰ্বৰ নিৰ্ভয়া কাণ্ডৰ দোষীকেইটাৰ হ’বলগীয়া ফাঁচিক লৈ আকৌ এবাৰ অনিশ্চয়তাৰ সৃষ্টি হৈছে। বৃহস্পতিবাৰে দুপৰীয়া ১বজাত অক্ষয় ঠাকুৰে দাখিল কৰা আৱেদনৰ শুনানি গ্ৰহণ কৰিব ন্যায়াধীশ এন বি ৰমনাৰ নেতৃত্বত উচ্চতম ন্যায়ালয়ৰ পাঁচজনীয়া বিচাৰপীঠে। 

  • Share this:
২০১২চনৰ দেশ কঁপোৱা নিৰ্ভয়া দলৱদ্ধ বলাৎকাৰ কাণ্ডৰ প্ৰসংগত শেহতীয়া তথ্যমতে দোষীৰ ফাঁচি ১তাৰিখেও নহ’ব পাৰে। অক্ষয় ঠাকুৰে দাখিল কৰা ভুল শুধৰণিৰ আৱেদনৰ বাহিৰেও দয়া আৱেদনৰ বিকল্প এতিয়াও আছে। সেইকাৰণে ১তাৰিখে ফাঁচি স্থগিত হ’ব পাৰে। উল্লেখযোগ্য যে দোষী অক্ষয় ঠাকুৰে মঙলবাৰে ন্যায়ালয়ত কিউৰেটিভ পেটিচন দাখিল কৰিছিল। বৃহস্পতিবাৰে এই আৱেদনৰ শুনানি আছে। ন্যায়াধীশ এন বি ৰমনাৰ নেতৃত্বত উচ্চতম ন্যায়ালয়ৰ পাঁচজনীয়া বিচাৰপীঠে এই আৱেদনৰ শুনানি গ্ৰহণ কৰিব।

৭৪ৰ পৰা ৭৫দিন আৰু লাগিব!

নিৰ্ভয়াৰ মাতৃৰ অধিবক্তা জিতেন্দ্ৰ ঝাই কৈছিল যে এই দোষীকেইটাৰ ফাঁচি হ’বলৈ এতিয়া আৰু ৭৪ৰ পৰা ৭৫দিন পৰ্যন্ত লাগিব পাৰে। নতুন ডেথ ৱাৰেণ্ট জাৰি কৰা হৈছে কিন্তু ইয়াৰে কোনোবা এটা অপৰাধীয়েও যদি ২১জানুৱাৰীৰ দুপৰীয়া ১২বজাৰ আগত ৰাষ্ট্ৰপতিৰ ওচৰত ক্ষমা আৱেদন কৰে তেনেহ’লে ফাঁচি স্থগিত হ’ব। দোষীৰ অধিবক্তাই যিমান পাৰে ফাঁচি বিলম্ব কৰিবলৈ চেষ্টা কৰি আছে। ইয়াৰ আগতে এটা অপৰাধীয়ে ঘটনাৰ সময়ত নিজকে নাবালিক বুলি প্ৰমাণ কৰাৰ চেষ্টা কৰিছিল। আন এটাই জেলৰ ভিতৰত যৌন নিৰ্যাতনৰ সন্মুখীন হোৱাৰ অভিযোগ কৰিছিল। ন্যায়ালয়ত সকলো প্ৰচেষ্টা ব্যৰ্থ হোৱাৰ পিছতো ফাঁচি বিলম্ব কৰাৰ চেষ্টা অব্যাহত। মৃত্যুৰ শংকাত এতিয়া দুৰু দুৰু জঘন্য অপৰাধীৰ বুকু।

আৰু চাওক
পৰৱৰ্তী বাতৰি