নতুনকৈ ডেথ ৱাৰেণ্ট ঘোষণাৰ পিছতো নিৰ্ভয়া কাণ্ডৰ দোষীৰ হাতত আছে দুটাকৈ বিকল্প

News18 Assam | News18-Assam
Updated:February 18, 2020, 3:39 PM IST
নতুনকৈ ডেথ ৱাৰেণ্ট ঘোষণাৰ পিছতো নিৰ্ভয়া কাণ্ডৰ দোষীৰ হাতত আছে দুটাকৈ বিকল্প
তৃতীয়বাৰ ডেথ ৱাৰেণ্ট জাৰি কৰাৰ পিছতো ২ দোষীৰ ফাঁচিৰ দিন পিছুওৱাৰ সম্ভাৱনা এতিয়াও আছে।

তৃতীয়বাৰ ডেথ ৱাৰেণ্ট জাৰি কৰাৰ পিছতো ২ দোষীৰ ফাঁচিৰ দিন পিছুওৱাৰ সম্ভাৱনা এতিয়াও আছে।

  • Share this:
নিৰ্ভয়া কাণ্ডৰ চাৰিওজন দোষীৰ ফাঁচি দিয়াৰ বাবে তৃতীয়বাৰলৈ জাৰি কৰা হৈছে ডেথ ৱাৰেণ্ট। পাটিয়ালা হাউছ ক’ৰ্টে সোমবাৰে শুনানিৰ পিছত ৩ মাৰ্চত আটাইকেইজন দোষীক ফাঁচিৰ দিয়াৰ দিন নিৰ্ধাৰণ কৰে। কিন্তু এতিয়াও দুই দোষীৰ ফাঁচিৰ দিন পিছুওৱাৰ সম্ভাৱনা আছে।

পাটিয়ালা হাউ ক’ৰ্টৰ ফালৰ পৰা জাৰি কৰা নতুন ডেথ ৱাৰেণ্ট অনুসৰি ৩ মাৰ্চৰ পুৱা ৬ বজাত নিৰ্ভয়া কাণ্ডৰ আটাইকেইজন দোষীক ফাঁচি দিয়া হ’ব। সোমবাৰে হোৱা শুনানিত চৰকাৰী অধিবক্তাৰ ফালৰ পৰা যুক্তি দিয়ে যে ৩ দোষী ক্ৰমে অক্ষয়, বিনয় আৰু মুকেশৰ ক্ষমা আবেদন খাৰিজ হৈছে। দোষী পৱনৰ ক্ষমা আবেদন আৰু কিউৰেটিভ পিটিচন দাখিল হ’বলৈ বাকী আছে।

চৰকাৰী অধিবক্তাই কয় যে হাইক’ৰ্টৰ ফালৰ পৰা দিয়া এসপ্তাহৰ সময় ১১ ফেব্ৰুৱাৰীত সমাপ্ত হৈছে। বৰ্তমান কোনো দোষীৰ কোনো আবেদন কোনো আদালতত পৰি থকা নাই। সেইবাবে নতুন ডেথ ৱাৰেণ্ট জাৰি কৰিব পাৰি।

তৃতীয়বাৰ ডেথ ৱাৰেণ্ট জাৰি কৰাৰ পিছতো ২ দোষীৰ ফাঁচিৰ দিন পিছুওৱাৰ সম্ভাৱনা এতিয়াও আছে। দোষী অক্ষয়, বিনয় আৰু মুকেশৰ ক্ষমা আবেদন খাৰিজ হৈছে, পৱনৰ ওচৰত এতিয়াও কিউৰেটিভ পিটিচন আৰু ক্ষমা আবেদন দাখিল কৰাৰ বিকল্প আছে।

যদি ফাঁচিৰ তাৰিখৰ পূৰ্বে পৱনে কিউৰেটিভ পিটিচন দাখিল কৰে তেন্তে তেওঁৰ আবেদন খাৰিজ হ’ব পাৰে বা পুনৰ শুনানিৰ বাবে পৰ্যাপ্ত সময় থাকিব। কিন্তু যদি তেওঁৰ ফালৰ পৰা ফাঁচিৰ তাৰিখৰ এদিন পূৰ্বে অৰ্থাৎ ২৯ ফেব্ৰুৱাৰীৰ পিছত কিউৰেটিভ পিটিচন দাখিল কৰে তেন্তে শুনানিৰ বাবে প্ৰয়োজন হোৱা সময়ৰ বাবে ৩ মাৰ্চৰ পুৱা ফাঁচি পিছুৱাব পাৰে। ইয়াৰ উপৰি পৱনৰ ওচৰত আছে এটা বিকল্প। পৱনে ৰাষ্ট্ৰপতিৰ ওচৰত ক্ষমা আবেদন দাখিল কৰিলে যদিহে ৰাষ্ট্ৰপতিয়ে সিদ্ধান্ত লোৱাত পলম কৰে তেন্তে ফাঁচিৰ দিন পিছুওৱাৰ সম্ভাৱনা আছে।
Published by: Sanjay Kumar Das
First published: February 18, 2020, 3:39 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি