হাতত নাই কোনো আইনী বিকল্প, ফাঁচিৰ পৰা বাচিবলৈ আকৌ নতুন নাটক নিৰ্ভয়া কাণ্ডৰ দোষীৰ, এইবাৰ কৰিলে কি?

News18 Assam | News18-Assam
Updated:March 9, 2020, 5:40 PM IST
হাতত নাই কোনো আইনী বিকল্প, ফাঁচিৰ পৰা বাচিবলৈ আকৌ নতুন নাটক নিৰ্ভয়া কাণ্ডৰ দোষীৰ, এইবাৰ কৰিলে কি?
Photo : News18 Hindi

সকলো আইনী বিকল্প শেষ হোৱাৰ পিছত এইবাৰ দিল্লীৰ উপ–ৰাজ্যপালৰ কাষ চাপিছে বিনয় শৰ্মাৰ অধিবক্তা।

  • Share this:
নিৰ্ভয়া কাণ্ডৰ চাৰিওজন দোষীৰ হাতত বৰ্তমান নাই কোনো আইনী বিকল্প। ফাঁচিৰ পৰা ৰক্ষা পোৱাৰ সকলো আইনী বিকল্প শেষ হৈছে চাৰি দোষীৰ। পাটিয়ালা হাউছ ক’ৰ্টে চাৰি দোষীৰ বিৰুদ্ধে নতুন ডেথ ৱাৰেণ্ট জাৰি কৰিছে আৰু ২০ মাৰ্চৰ পুৱা ৫.৩০ বজাত ফাঁচিৰ সময় নিৰ্ধাৰণ কৰা হৈছে।

ইয়াৰ মাজতে আন এক নতুন নাটক ৰচনা কৰিছে দোষী বিনয় শৰ্মাৰ অধিবক্তাই। সকলো আইনী বিকল্প শেষ হোৱাৰ পিছত এইবাৰ দিল্লীৰ উপ–ৰাজ্যপালৰ কাষ চাপিছে বিনয় শৰ্মাৰ অধিবক্তা। নিৰ্ভয়া কাণ্ডৰ দোষীৰ ফাঁচিৰ শাস্তি যাৱজ্জীৱন কাৰাদণ্ডলৈ সলনি কৰাৰ আবেদন জনাইছে অধিবক্তাই।

উল্লেখযোগ্য যে পূৰ্বে ৩ মাৰ্চত নিৰ্ভয়া কাণ্ডৰ আটাইকেইজন দোষীৰ ফাঁচিৰ দিন নিৰ্ধাৰণ কৰা হৈছিল। কিন্তু দোষী পৱনৰ ক্ষমা আবেদন ৰাষ্ট্ৰপতিৰ টেবুলত থকা বাবে পিছুৱাই দিয়া হৈছিল সেই তাৰিখ। সেই আবেদন ৰাষ্ট্ৰপতিয়ে খাৰিজ কৰাৰ পিছত চতুৰ্থবাৰলৈ চাৰিওজন দোষীৰ বিৰুদ্ধে জাৰি কৰা হৈছিল নতুন ডেথ ৱাৰেণ্ট।
Published by: Sanjay Kumar Das
First published: March 9, 2020, 5:40 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি