ফাঁচিৰ পৰা বাচিবলৈ নিৰ্ভয়া কাণ্ডৰ দোষী বিনয়ৰ নতুন নাটক, দেৱালত মাৰি ফালিলে নিজৰ মূৰ, তাৰ পিছত...

News18 Assam | News18-Assam
Updated:February 20, 2020, 11:55 AM IST
ফাঁচিৰ পৰা বাচিবলৈ নিৰ্ভয়া কাণ্ডৰ দোষী বিনয়ৰ নতুন নাটক, দেৱালত মাৰি ফালিলে নিজৰ মূৰ, তাৰ পিছত...
চাৰিওজন দোষীৰ বিৰুদ্ধে নতুনকৈ জাৰি কৰা হৈছে ডেথ ৱাৰেণ্ট। সেই অনুসৰি ৩ মাৰ্চত ফাঁচি দিয়াৰ দিন নিৰ্ধাৰণ কৰা হৈছে।

চাৰিওজন দোষীৰ বিৰুদ্ধে নতুনকৈ জাৰি কৰা হৈছে ডেথ ৱাৰেণ্ট। সেই অনুসৰি ৩ মাৰ্চত ফাঁচি দিয়াৰ দিন নিৰ্ধাৰণ কৰা হৈছে।

  • News18 Assam
  • Last Updated: February 20, 2020, 11:55 AM IST
  • Share this:
ফাঁচিৰ পৰা বাচিবলৈ আন এখন নাটক ৰচনা কৰিছে নিৰ্ভয়া কাণ্ডৰ দোষী বিনয় শৰ্মাই। জানিব পৰা মতে, দোষী বিনয়ে নিজেই কাৰাগাৰৰ কোঠাৰ দেৱালত মূৰ খুন্দিয়াই আঘাতপ্ৰাপ্ত হৈছে। হাস্পতালত ভৰ্তি কৰোৱাৰ পিছত পুনৰ কাৰাগাৰলৈ অনা হৈছে বিনয়ক।

বিনয় শৰ্মাক তিহাৰ জে’লৰ ৩নং বেৰেকত ৰখা হৈছে। সোমবাৰে বিনয়ে কাৰাগাৰৰ কোঠাতে দেৱালত মূৰ মাৰি আঘাতপ্ৰাপ্ত হয়। দুবাৰকৈ দেৱালত মূৰ খুন্দিওৱাৰ পিছত বাহিৰত থকা নিৰাপত্তাৰক্ষীয়ে বাধা দিয়ে বিনয়ক। ফাঁচিৰ তাৰিখ পিছুৱাবলৈ নিজকে মেডিকেল আনফিট কৰাৰ চেষ্টা চলাইছে বিনয়ে। এই ঘটনাৰ পিছত আটাইকেইটা দোষীৰ ওপৰত ৰখা হৈছে তীক্ষ্ণ নজৰ।

উল্লেখযোগ্য যে চাৰিওজন দোষীৰ বিৰুদ্ধে নতুনকৈ জাৰি কৰা হৈছে ডেথ ৱাৰেণ্ট। সেই অনুসৰি ৩ মাৰ্চত ফাঁচি দিয়াৰ দিন নিৰ্ধাৰণ কৰা হৈছে।
Published by: Sanjay Kumar Das
First published: February 20, 2020, 11:55 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি