ফাঁচীৰ কাৰণে ডিঙিৰ জোখ লওতে হুক–হুকাই কান্দিলে নিৰ্ভয়াৰ ৪অপৰাধীয়ে, কাউন্সিলাৰ মাতিহে ৰক্ষা!

News18 Assam | News18-Assam
Updated:January 16, 2020, 11:22 AM IST
ফাঁচীৰ কাৰণে ডিঙিৰ জোখ লওতে হুক–হুকাই কান্দিলে নিৰ্ভয়াৰ ৪অপৰাধীয়ে, কাউন্সিলাৰ মাতিহে ৰক্ষা!
আইনী প্ৰক্ৰিয়াৰ মাজত নিৰ্ভয়াৰ চাৰিওটা নৰাধমক ফাঁচী দিয়াৰ প্ৰস্তুতি অব্যাহত। তিহাৰ জেলৰ কৰ্তৃপক্ষই চাৰিওটা দোষীৰ ডিঙিৰ জোখ লোৱাৰ সময়ত ৰাউচি জোৰা কান্দোন দিলে পাষণ্ড কেইটাই। জীৱনদান দিবলৈ জেল কৰ্তৃপক্ষক হাত জোৰ কৰি কান্দি কান্দি অনুৰোধ কৰিলে। 

আইনী প্ৰক্ৰিয়াৰ মাজত নিৰ্ভয়াৰ চাৰিওটা নৰাধমক ফাঁচী দিয়াৰ প্ৰস্তুতি অব্যাহত। তিহাৰ জেলৰ কৰ্তৃপক্ষই চাৰিওটা দোষীৰ ডিঙিৰ জোখ লোৱাৰ সময়ত ৰাউচি জোৰা কান্দোন দিলে পাষণ্ড কেইটাই। জীৱনদান দিবলৈ জেল কৰ্তৃপক্ষক হাত জোৰ কৰি কান্দি কান্দি অনুৰোধ কৰিলে। 

  • Share this:
নিৰ্ভয়া গেংগ ৰেপ আৰু হত্যাৰ গোচৰত চাৰিওটা দোষীক ফাঁচীকাঠত ওলমোৱাক লৈ আদালতৰ প্ৰক্ৰিয়া চলি আছে। নিম্ন আদালতে ফাঁচীৰ কাৰণে তাৰিখ নিৰ্ধাৰণ কৰিছে ২২জানুৱাৰী। ইয়াৰ মাজতো এই জঘন্য অপৰাধৰ দোষী কেইটাই ফাঁচীৰ পৰা ৰক্ষা পাবলৈ সকলো ন্যায়িক বিকল্প গোটাবলৈ আপ্ৰাণ চেষ্টা অব্যাহত ৰাখিছে। ইতিমধ্যে তিহাৰ জেলত নিৰ্ভয়াৰ অপৰাধী কেইটাক নিৰ্ধাৰিত সময়ত ফাঁচীকাঠত ওলমোৱাৰ কাৰণে সকলো প্ৰস্তুতি চলি আছে। সংবাদ মাধ্যমৰ হাতত পৰা খবৰ মতে, জেল প্ৰশাসনে চাৰিওটা অপৰাধীৰ ডিঙিৰ জোখ পৰ্যন্ত লৈছে। এই সময়চোৱাত দোষী মুকেশ সিং, অক্ষয় ঠাকুৰ, বিনয় শর্মা আৰু পৱন গুপ্তাই হিয়া ঢাকুৰি কান্দে আৰু জীৱন ভিক্ষা বিচাৰি জেল কৰ্তৃপক্ষক অনুনয় বিনয় কৰে।

কাউন্সিলাৰ মাতিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ

ডিঙিৰ জোখ লোৱাৰ সময়ত ইমানেই বেছিকৈ আটাইকেইটা অপৰাধীয়ে কান্দিলে যে তেওঁলোকৰ স্বাস্থ্যৰ অৱস্থা বেয়া হৈ গ’ল। মনে মনে থাকিবলৈ ক’বৰ কাৰণে জেল কৰ্তৃপক্ষই কাউন্সিলাৰ মাতিবলগীয়া হয়। টাইমছ অৱ ইণ্ডিয়াত প্ৰকাশিত খবৰ অনুসৰি কাউন্সিলাৰৰ সহায় এইকাৰণে ল’বলগীয়া হ’ল যাতে ফাঁচীৰ পূৰ্বে হতাশ হৈ এই অপৰাধী কেইটাই আত্মহত্যাৰ দৰে ভুল পন্থা গ্ৰহণ নকৰে। সূত্ৰমতে ডামী ফাঁচীৰ সময়ত বালিৰ বস্তাৰ ব্যৱহাৰ কৰা হৈছিল আৰু ইয়াৰ ওজন দোষীৰ প্ৰকৃত ওজনৰ ডেৰ গুণ অধিক আছিল।

নিৰ্ভয়া হত্যাকাণ্ডক লৈ অলপো অনুশোচনা নথকা চাৰিওটা অপৰাধীয়ে প্ৰাণ ৰক্ষা কৰিবলৈ সকলো পন্থা গ্ৰহণ কৰিছে। ছুপ্ৰীম ক’ৰ্টত এতিয়ালৈ অপৰাধীৰ আৱেদন তিনিবাৰ খাৰিজ হৈছে। নিম্ন আদালত আৰু উচ্চ ন্যায়ালয়ত ফাঁচী ৰখাবলৈ কৰা আৱেদন খাৰিজ হোৱাৰ পিছত এতিয়া ছুপ্ৰীম ক’ৰ্টত ফাঁচী ৰখাবলৈ আৱেদন কৰিছিল আৰু সেইখনো খাৰিজ হৈছিল। ইয়াৰ পিছত অভিযুক্তই আকৌ ৰিভিউ পেটিশ্যন দাখিল কৰে আৰু সেইখনো খাৰিজ হয়। ইয়াৰ পিছত এটা অভিযুক্তই কিউৰেটিভ পেটিচন উচ্চতম ন্যায়ালয়ত দাখিল কৰে আৰু সেইখনেও মুখঠেকেচা খায়। ইয়াতে ক্ষান্ত নহৈ এটা দোষী মুকেশ সিঙে দিল্লী উচ্চ ন্যায়ালয়ত মৃত্যু পৰোৱানাক প্ৰত্যাহ্বান জনাইছে। উচ্চ ন্যায়ালয়ে তেওঁক ট্ৰায়েল ক’ৰ্টলৈ যাবলৈ নিৰ্দেশ দিছে। ফাঁচী এইবোৰ কাৰণতে ২২জানুৱাৰীত নোহোৱাৰ আশংকা কৰা হৈছে কিন্তু জঘন্য অপৰাধীকেইটাই নিজৰ কৰ্মফল যে দুদিন পলমকৈ হ’লেও আইনী প্ৰক্ৰিয়াৰে পাব সেয়া খাটাং। সেইকাৰণে বুকু কঁপি উঠিছে আটাইকেইটাৰ।
আৰু চাওক
পৰৱৰ্তী বাতৰি