মৃত্যুৰ ভয়ত কঁপিছে নিৰ্ভয়া কাণ্ডৰ চাৰি দোষীয়ে, বাদ দিছে খোৱা–লোৱা, কটাইছে উজাগৰী নিশা

News18 Assam | News18-Assam
Updated:January 9, 2020, 9:24 AM IST
মৃত্যুৰ ভয়ত কঁপিছে নিৰ্ভয়া কাণ্ডৰ চাৰি দোষীয়ে, বাদ দিছে খোৱা–লোৱা, কটাইছে উজাগৰী নিশা
মঙলবাৰে যেতিয়া আদালে চাৰিওকে ডেথ ৱাৰেণ্ট জাৰি কৰে, তাৰ পিছৰে পৰা পৱন আৰু অক্ষয়ে খাবলৈ বাদ দিছে। অৱশ্যে বুধবাৰে চাৰিওজন অভিযুক্তই লঘু আহাৰ গ্ৰহণ কৰে।

মঙলবাৰে যেতিয়া আদালে চাৰিওকে ডেথ ৱাৰেণ্ট জাৰি কৰে, তাৰ পিছৰে পৰা পৱন আৰু অক্ষয়ে খাবলৈ বাদ দিছে। অৱশ্যে বুধবাৰে চাৰিওজন অভিযুক্তই লঘু আহাৰ গ্ৰহণ কৰে।

  • Share this:
বিশ্ব কঁপোৱা নিৰ্ভয়া কাণ্ডৰ চাৰি দোষীৰ বিৰুদ্ধে পাটিয়ালা হাউছ কোৰ্টে জাৰি কৰিছে ডেথ ৱাৰেণ্ট। ফাঁচিৰ নিৰ্দেশৰ পিছতে এতিয়া মৃত্যু ভয়ত কঁপিছে চাৰি দোষীয়ে। বন্ধ কাৰাগাৰত উজাগৰী নিশা কটাইছে চাৰি অভিযুক্তই। কাৰাগাৰৰ কোঠাত গোটেই নিশা ইফাল–সিফাল কৰি কটাইছে। মঙলবাৰে নিশা একো নোখোৱাকৈয়ে থাকিল চাৰিওজন অভিযুক্তই। মৃত্যুদণ্ডৰ পৰা ৰক্ষা পোৱাৰ আশাত বন্দী এই চাৰি অভিযুক্তই বিগত দুদিন ধৰি এজনে আনজনৰ লগত কথাও পতা নাই।

উল্লেখযোগ্য যে নিৰ্ভয়া কাণ্ডৰ চাৰিওজন দোষীৰ ভিতৰত তিনিজন ক্ৰমে অক্ষয়, পৱন আৰু মুকেশ কাৰাগাৰৰ ২নং কাৰাগাৰত থকাৰ বিপৰীতে আনজন অভিযুক্ত বিনয় শৰ্মা আছে ৩নং কাৰাগাৰত। আটাইকে পৃথক পৃথক চেলত ৰখা হৈছে আৰু প্ৰতিদিনে তেওঁলোকৰ চেলত তালাচী কৰা হৈছে। তিহাৰ জে’লৰ সূত্ৰই জনোৱা অনুসৰি, মঙলবাৰে যেতিয়া আদালে চাৰিওকে ডেথ ৱাৰেণ্ট জাৰি কৰে, তাৰ পিছৰে পৰা পৱন আৰু অক্ষয়ে খাবলৈ বাদ দিছে। অৱশ্যে বুধবাৰে চাৰিওজন অভিযুক্তই লঘু আহাৰ গ্ৰহণ কৰে।

তিহাৰ জে’লৰ সূত্ৰ অনুসৰি, বুধবাৰে পুৱা প্ৰায় ১০ বজাত চাৰিওজনকে কাৰাগাৰৰ হাস্পতাললৈ অনা হয়। সেই সময়ত কোনো ধৰণৰ কথা পতা নাছিল চাৰি অভিযুক্তই। তাৰ পিছত পুনৰ তেওঁলোকক নিজৰ নিজৰ চেলত বন্দী কৰা হয়। ফাঁচিকাঠত ওলমোৱাৰ সময়লৈ আটাইৰে স্বাস্থ্য পৰীক্ষা চলি থাকিব।

নিৰ্ভয়া কাণ্ডৰ চাৰিওজন অভিযুক্তৰ ডেথ ৱাৰেণ্টৰ পিছত এতিয়া কিউৰেটিভ আবেদন দাখিল কৰিব পাৰিব। চাৰিওজন অভিযুক্তক আদালতৰ পৰা জাৰি কৰা ডেথ ৱাৰেণ্টৰ ফটোকপি দিয়া হৈছে। এতিয়া অভিযুক্তৰ অধিবক্তাই কিউৰেটিভ আবেদন কেতিয়া দাখিল কৰে সেয়া লক্ষণীয় হ’ব।

তিহাৰ জে’লৰ জ্যেষ্ঠ বিষয়াই জনায় যে চাৰিওজন অভিযুক্তই এতিয়ালৈকে পৰিয়ালৰ লোকক সাক্ষাৎ কৰাৰ ইচ্ছা প্ৰকাশ কৰা নাই। যদি পৰিয়ালৰ সৈতে দেখা কৰিব বিচাৰে তেন্তে পত্ৰ বা কোনো বাৰ্তাৰ জৰিয়তে এই ইচ্ছা প্ৰকাশ কৰিব লাগিব। যদি দোষীয়ে এয়া নকৰে তেন্তে পৰিয়ালক সাক্ষাৎ কৰিবলৈ দিয়া নহ’ব।
NEWS18 অসম ত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি