
আজি উচ্চতম ন্যায়ালয়ে বিনয় শৰ্মাৰ আবেদনক লৈ গ্ৰহণ কৰিব শুনানি। বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে সুৰক্ষিত ৰাখিছিল শুনানি।
আজি উচ্চতম ন্যায়ালয়ে বিনয় শৰ্মাৰ আবেদনক লৈ গ্ৰহণ কৰিব শুনানি। বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে সুৰক্ষিত ৰাখিছিল শুনানি।
কেতিয়া ফাঁচি হ’ব নিৰ্ভয়া কাণ্ডৰ ৪দোষীৰ। এই দিনটোলৈ যেন বাট চাইছে সমগ্ৰ দেশবাসীয়ে। তিহাৰ জেলত বন্দী হৈ থকা ৪ দোষীয়ে ফাঁচীৰ দিন পিছুৱাৱলৈ তথা শাস্তি লাঘৱ কৰিবলৈ ৰচিছে এখনৰ পিছত আনখন নাটক। দোষী বিনয় শৰ্মাৰ ক্ষমা আবেদন ৰাষ্ট্ৰপতিয়ে খাৰিজ কৰাৰ পিছত সেই সিদ্ধান্তক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে বিনয় শৰ্মাৰ অধিবক্তা।
আজি উচ্চতম ন্যায়ালয়ে বিনয় শৰ্মাৰ আবেদনক লৈ গ্ৰহণ কৰিব শুনানি। বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে সুৰক্ষিত ৰাখিছিল শুনানি। বিনয় শৰ্মাৰ অধিবক্তাই বৃহস্পতিবাৰে ন্যায়ালয়ত কয় যে, ক্ষমা আবেদন খাৰিজ কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণ প্ৰক্ৰিয়া পালন কৰা হোৱা নাই। খৰখেদাকৈ এই সিদ্ধান্ত লোৱা হৈছে বুলি আদালতক জনায় বিনয়ৰ অধিবক্তাই। উল্লেখোগ্য যে, ১ ফ্ৰেব্ৰুৱাৰীত ৰাষ্ট্ৰপতিয়ে খাৰিজ কৰিছিল বিনয় শৰ্মাৰ ক্ষমা আবেদন।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|