Source-Google উচ্চতম ন্যায়ালয়ত অভিযুক্তৰ কিউৰেটিভ পেটিচন খাৰিজ কৰাৰ পিছত নিৰ্ভয়াৰ মাতৃয়ে প্ৰকাশ কৰিলে সন্তোষ। নিৰ্ভয়া কাণ্ডৰ অভিযুক্তই উচ্চতম ন্যায়ালয়ত দাখিল কৰা কিউৰেটিভ পেটিচন খাৰিজ কৰাৰ পিছত সংবাদমাধ্যমৰ আগত স্বস্তি প্ৰকাশ কৰিলে নিৰ্ভয়াৰ পিতৃ–মাতৃয়ে। নিৰ্ভয়াৰ পিতৃয়ে কয়, ফাঁচীত অপৰাধীকেইটাক ওলমোৱাৰ সময়ত তেওঁ নিজে সেই দৃশ্য চাব বিচাৰে। নিজৰ কন্যাই তিল তিলকৈ মৃত্যুক আকোৱালি লোৱাৰ দৃশ্য তেওঁ মনৰ পৰা কেতিয়াও মচিব নোৱাৰিব বুলি কয় নিৰ্ভয়াৰ পিতৃ বদ্ৰীনাথ সিঙে। দলৱদ্ধ বলাৎকাৰ আৰু হত্যাৰ অভিযুক্তৰ কিউৰেটিভ পেটিচন উচ্চতম ন্যায়ালয়ৰ পাঁচজনীয়া বিচাৰপীঠে খাৰিজ কৰাৰ পিছত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে দুৰ্ভগীয়া ছোৱালীজনীৰ অভিভাৱকে। নিৰ্ভয়াৰ মাতৃ আশা দেৱীয়ে কয়, তেওঁৰ কাৰণে আজিৰ দিনটো সঁচাকৈ বহুত ডাঙৰ। কৰ্টে মৃত্যু পৰোৱানা নিৰস্ত কৰাৰ ক্ষেত্ৰতো অস্বীকাৰ কৰিছে। তেওঁ লগতে কয় যে তেওঁৰ কাৰণে ফাঁচীত অপৰাধীকেইটা ওলমোৱাৰ দিনটোৱে হ’ব সকলোতকৈ ডাঙৰ। উল্লেখযোগ্য যে, ৰিভিউ পেটিশ্যন খাৰিজ হোৱাৰ পিছত জঘন্য অপৰাধৰ দুটা অপৰাধীয়ে (বিনয় আৰু মুকেশ) উচ্চতম ন্যায়ালয়ত কিউৰেটিভ পেটিচন দাখিল কৰিছিল। কৰ্টে ইয়াকো খাৰিজ কৰে। এতিয়া নিৰ্ভয়া কাণ্ডৰ দোষীৰ ওচৰত ফাঁচীৰ পৰা ৰক্ষা পৰাৰ শেষ এটাই পথ আছে আৰু সেয়া হৈছে ৰাষ্ট্ৰপতিৰ ওপৰত দয়া ভিক্ষা কৰা।
নিৰ্ভয়াৰ পিতৃ বদ্ৰীনাথ সিঙেও উচ্চতম ন্যায়ালয়ত দোষীৰ কিউৰেটিভ পেটিচন খাৰিজ কৰাত আনন্দ প্ৰকাশ কৰিছে। তেওঁ খুব ভাল লগা বুলি কৈ উল্লেখ কৰে যে অন্যান্য সকলো লোকেই এই সিদ্ধান্তত সন্তুষ্ট।
Published by: Tulika Devi
First published: January 14, 2020, 16:39 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|