মই মানসিক ভাৰসাম্যহীন গতিকে ফাঁচি দিব নালাগে! SCত যুক্তি নিৰ্ভয়াৰ দোষী বিনয় শর্মাৰ

News18 Assam | News18-Assam
Updated:February 13, 2020, 6:24 PM IST
মই মানসিক ভাৰসাম্যহীন গতিকে ফাঁচি দিব নালাগে! SCত যুক্তি নিৰ্ভয়াৰ দোষী বিনয় শর্মাৰ
কাইলৈকে ৰায় সংৰক্ষিত বিনয় শৰ্মাৰ আৱেদনৰ।

কাইলৈকে ৰায় সংৰক্ষিত বিনয় শৰ্মাৰ আৱেদনৰ।

  • Share this:
নিৰ্ভয়া গেংগৰেপ আৰু দলৱদ্ধ বলাৎকাৰৰ অপৰাধীয়ে ফাঁচিৰ পৰা বাচিবলৈ নানানটা বুদ্ধিৰ আশ্ৰয় লৈছে। এইবাৰ দোষী বিনয়ে ক’ৰ্টত যুক্তি দিছে যে তাৰ মানসিক ৰোগ আছে আৰু সেইকাৰণে ক’ৰ্টে ফাঁচিৰ পৰা ৰেহাই দিব লাগে। ৰাষ্ট্ৰপতিয়ে ক্ষমা আৱেদন খাৰিজ কৰাৰ পিছতে বিনয়ে উচ্চতম ন্যায়ালয়ত দাখিল কৰা আৱেদনৰ শুনানিৰ ৰায় শুকুৰবাৰলৈকে সংৰক্ষিত কৰিছে ছুপ্ৰীম ক’ৰ্টে। বৃহস্পতিবাৰে আদালতত উকীলে যুক্তি দিয়ে যে বিনয়ৰ মানসিক স্থিতি ভাল নহয়, মানসিক আতিশৰ্য সহিবলগীয়া হোৱা কাৰণে বিনয়ক ফাঁচি দিব নোৱাৰি। উকীলে উল্লেখ কৰে যে তেওঁৰ মক্কেলক জেল প্ৰশাসনে বহুবাৰ মানসিক হাস্পতাললৈ পঠিয়াইছে আৰু দৰৱো দিয়া হৈছে।



উকীলে কয় যে কোনো এজন ব্যক্তিক মানসিক হাস্পতাললৈ তেতিয়াহে প্ৰেৰণ কৰা হয় যেতিয়া তেওঁৰ মানসিক স্থিতি ঠিকে নাথাকে। এনেকুৱা মানসিক ভাৱে দুৰ্বল ব্যক্তিক ফাঁচিকাঠত ওলমাব নোৱাৰি। অধিবক্তা এ পি সিঙে কয় যে এয়া দোষী বিনয় শর্মাৰ সংবিধানৰ ২১ অনুচ্ছেদৰ পৰা পোৱা জীয়াই থকাৰ অধিকাৰ খৰ্ব কৰা হ’ব।

ৰাষ্ট্ৰপতিয়ে ক্ষমা আৱেদন খাৰিজ কৰাক লৈ আদালতত প্ৰশ্ন উত্থাপন কৰি এপি সিঙে কয় যে, মই অন্যায় হ’বলৈ দিব নোৱাৰো। উকীলৰ যুক্তি, বিনয় শৰ্মাৰ ক্ষমা আৱেদন খাৰিজ কৰাৰ ক্ষেত্ৰত সামাজিক পৰীক্ষা ৰিপ’ৰ্ট, মেডিকেল ৰিপ’ৰ্ট আৰু অপৰাধত তাৰ সীমিত ভূমিকালৈ লক্ষ্য নকৰাকৈ ৰাষ্ট্ৰপতিয়ে ‘অন্যায়’ভাৱে এই আৱেদন খাৰিজ কৰিছে।

এপি সিঙৰ মতে বিনয় শৰ্মাৰ কোনো অপৰাধৰ আগৰ অভিলেখ নাই। বিনয় প্ৰবৃত্তিগত অপৰাধী নহয়। কৃষকৰ পৰিয়ালৰ সন্তান বিনয় শৰ্মা। এই সকলো যুক্তি ক’ৰ্টৰ লেণ্ডমাৰ্ক ৰায়ৰ ওপৰত আধাৰিত বুলি কয় অধিবক্তাই। এই কথাত ন্যায়াধীশ অশোক ভূষণে কয় যে, আপুনি এইবোৰ কোৱাতকৈ পোনে পোনে নিজৰ অন্য দলিল আৰু গ্ৰাউণ্ড ব্যাখ্যা কৰক। অধিবক্তাই কয়, কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু উপ ৰাজ্যপালৰ হস্তাক্ষৰ নাই। ইয়াৰ পিছতে ছলিছিটৰ জেনেৰেলে ছুপ্ৰীম ক’ৰ্টক হস্তাক্ষৰ থকা অন্য নথি দেখুৱায় আৰু ইয়াৰ পিছতে ক’ৰ্টে এ পি সিঙক অন্য বিষয়ৰ দলিল দিবলৈ কয়।
আৰু চাওক
পৰৱৰ্তী বাতৰি