একেলগে ফাঁচি হ’বনে নিৰ্ভয়া কাণ্ডৰ চাৰি দোষীৰ, আজি উচ্চতম ন্যায়ালয়ত শুনানি

News18 Assam | News18-Assam
Updated:February 7, 2020, 11:01 AM IST
একেলগে ফাঁচি হ’বনে নিৰ্ভয়া কাণ্ডৰ চাৰি দোষীৰ, আজি উচ্চতম ন্যায়ালয়ত শুনানি
ইয়াৰ পূৰ্বে বুধবাৰে কেন্দ্ৰৰ আবেদনক লৈ দিল্লী হাইক’ৰ্টত শুনানি হৈছিল, য’ত আদালতে নিৰ্ভয়া কাণ্ডৰ চাৰিওজন দোষীক একেলগে ফাঁচি দিয়াৰ পোষকতা কৰিছিল।

ইয়াৰ পূৰ্বে বুধবাৰে কেন্দ্ৰৰ আবেদনক লৈ দিল্লী হাইক’ৰ্টত শুনানি হৈছিল, য’ত আদালতে নিৰ্ভয়া কাণ্ডৰ চাৰিওজন দোষীক একেলগে ফাঁচি দিয়াৰ পোষকতা কৰিছিল।

  • Share this:
নিৰ্ভয়া কাণ্ডৰ চাৰিওজন দোষীক বেলেগে বেলেগে ফাঁচি দিয়াৰ দাবীৰে উচ্চতম ন্যায়ালয়ত কেন্দ্ৰীয় চৰকাৰে দাখিল কৰা আবেদনৰ আজি শুনানি। দুদিন পূৰ্বে নিৰ্ভয়া কাণ্ডৰ দোষীক পৃথক পৃথককৈ ফাঁচি দিয়াৰ দাবীৰে কেন্দ্ৰীয় চৰকাৰে দাখিল কৰা আবেদন খাৰিজ কৰিছিল দিল্লী উচ্চ ন্যায়ালয়ে। তাৰ পিছতে উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল কেন্দ্ৰীয় চৰকাৰ।

ইয়াৰ পূৰ্বে বুধবাৰে কেন্দ্ৰৰ আবেদনক লৈ দিল্লী হাইক’ৰ্টত শুনানি হৈছিল, য’ত আদালতে নিৰ্ভয়া কাণ্ডৰ চাৰিওজন দোষীক একেলগে ফাঁচি দিয়াৰ পোষকতা কৰিছিল। উচ্চ ন্যায়ালয়ে আটাইকেইজন দোষীক নিৰ্দেশ দিছিল যে তেওঁলোকে এসপ্তাহৰ ভিতৰত সকলো আইনী বিকল্প ব্যৱহাৰ কৰক। হাইক’ৰ্টৰ এই সিদ্ধান্তৰ বিৰুদ্ধে কেন্দ্ৰীয় চৰকাৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল।
আৰু চাওক
পৰৱৰ্তী বাতৰি