உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • নিৰ্ভয়া কাণ্ডৰ দোষীৰ আজি হ’ব শেষ ৰাতি! আদালতে ক’লে– সলনি নহয় ফাঁচিৰ তাৰিখ

    নিৰ্ভয়া কাণ্ডৰ দোষীৰ আজি হ’ব শেষ ৰাতি! আদালতে ক’লে– সলনি নহয় ফাঁচিৰ তাৰিখ

    আদালতে খাৰিজ কৰিলে নিৰ্ভয়া কাণ্ডৰ দোষী পৱনৰ আবেদন

    আদালতে খাৰিজ কৰিলে নিৰ্ভয়া কাণ্ডৰ দোষী পৱনৰ আবেদন

    আদালতে খাৰিজ কৰিলে নিৰ্ভয়া কাণ্ডৰ দোষী পৱনৰ আবেদন

    • Share this:
    পাটিয়ালে হাউচ কৰ্টে নিৰ্ভয়া কাণ্ডৰ অন্যতম দোষী পৱনৰ আবেদন খাৰিজ কৰিছে। অক্ষয়ে ফাঁচিৰ তাৰিখ সলনি কৰিবলৈ আদালতত কৰিছিল আবেদন। উল্লেখযোগ্য যে, আদালতে নিৰ্ভয়া কাণ্ডৰ চাৰিওটা দোষীক তিনি মাৰ্চত ডেথ ৱাৰেণ্ট জাৰি কৰিছে।

    ইফালে নিৰ্ভয়া কাণ্ডৰ দোষী পৱন গুপ্তাৰ কিউৰেটিভ পিটিচন পাটিয়ালা হাউছ ক’ৰ্টে খাৰিজ কৰাৰ পিছতে এতিয়া তৎপৰ হৈ পৰিছে তিহাৰ জে’ল কৰ্তৃপক্ষ। তিহাৰ জে’ল কৰ্তৃপক্ষই পৱন জল্লাদৰ সৈতে নিৰ্ভয়া কাণ্ডৰ চাৰিওজন দোষীক ফাঁচি দিয়াৰ প্ৰস্তুতি চলাইছে। কিছু সময় পিছতে পৱন জল্লাদে আৰম্ভ কৰিব প্ৰতীকী ফাঁচিৰ প্ৰক্ৰিয়া, চাৰিওজন অভিযুক্তৰ পুতলা ওলমোৱা হ’ব ফাঁচিকাঠত।

    ইয়াৰ মাজতে দোষী পৱনৰ অধিবক্তা এ পি সিঙে পুনৰ এবাৰ পাটিয়ালা হাউ ক’ৰ্টত উপস্থিত হৈ ডেথ ৱাৰেণ্ট স্থগিত ৰখাৰ দাবী কৰে, কিয়নো পৱনে ৰাষ্ট্ৰপতিৰ ওচৰত পুনৰ দাখিল কৰিছে ক্ষমা আবেদন। এই সন্দৰ্ভত পাটিয়ালা হাউছ ক’ৰ্টে সুৰক্ষিত ৰাখিছে সিদ্ধান্ত।

    উল্লেখযোগ্য যে নিৰ্ভয়া কাণ্ডৰ চাৰি দোষীৰ ভিতৰত কেৱল পৱনৰ আছিল আইনী বিকল্প। কিউৰেটিভ পিটিচন খাৰিজ কৰাৰ পিছত এতিয়া পৱনৰ হাতত আছে কেৱল ক্ষমা আবেদনৰ বিকল্প। পৱনৰ অধিবক্তাই পাটিয়ালা হাউছ ক’ৰ্টক জনায় যে আমি ৰাষ্ট্ৰপতিৰ ওপৰত পুনৰ দাখিল কৰিছো ক্ষমা আবেদন।

    উল্লেখযোগ্য যে নিৰ্ভয়া কাণ্ডৰ আটাইকেইজন দোষীৰ সকলো আইনী বিকল্প ইতিমধ্যে শেষ হৈছে। ৰাষ্ট্ৰপতিৰ হাতত পৱনে ক্ষমা আবেদন দাখিল কৰিছে যদিও সেয়া আইনী বিকল্পৰ আওতাত নপৰে।

    নিৰ্ভয়া কাণ্ডৰ দোষীক ফাঁচিকাঠত ওলমোৱাৰ বাবে তৃতীয়বাৰ জাৰি কৰা হৈছিল ডেথ ৱাৰেণ্ট। সেই অনুসৰি ৩ মাৰ্চৰ পুৱা ৬ বজাত ফাঁচিৰ সময় নিৰ্ধাৰণ কৰি দিয়া হৈছিল।
    Published by:Himangshu Bhuyan
    First published: