ক্ৰমাৎ কাষ চাপিছে মৃত্যু, নিৰ্ভয়া কাণ্ডৰ চাৰি দোষীৰ শেষ ইচ্ছা কি?

News18 Assam | News18-Assam
Updated:January 23, 2020, 10:56 AM IST
ক্ৰমাৎ কাষ চাপিছে মৃত্যু, নিৰ্ভয়া কাণ্ডৰ চাৰি দোষীৰ শেষ ইচ্ছা কি?
চাৰিওজন দোষীক ৩নং জে’লত পৃথকে পৃথকে ৰখা হৈছে। প্ৰতিজন দোষীৰ চেলৰ বাহিৰত দুজন নিৰাপত্তাৰক্ষী ৰখা হৈছে।

চাৰিওজন দোষীক ৩নং জে’লত পৃথকে পৃথকে ৰখা হৈছে। প্ৰতিজন দোষীৰ চেলৰ বাহিৰত দুজন নিৰাপত্তাৰক্ষী ৰখা হৈছে।

  • Share this:
এফালে নিৰ্ভয়া কাণ্ডৰ দোষীয়ে নিজৰ ফাঁচিৰ দিন পিছুৱাবলৈ ইটোৰ পিছত সিটো অজুহাত তথা লাইফলাইন ব্যৱহাৰ কৰিছে, আনফালে তিহাৰ জে’ল কৰ্তৃপক্ষই নিজৰ প্ৰক্ৰিয়া আগবঢ়াই নিছে। সেই অনুসৰি নিৰ্ভয়া কাণ্ডৰ চাৰি দোষীক শেষ ইচ্ছাৰ কথা সুধিছে তিহাৰ জে’ল কৰ্তৃপক্ষই। কাৰাগাৰ কৰ্তৃপক্ষই চাৰিওজন দোষীক জাননি জাৰি কৰি সুধিছে যে ১ ফেব্ৰুৱাৰীৰ নিৰ্ধাৰিত ফাঁচিৰ পূৰ্বে তেওঁলোকে শেষবাৰৰ বাবে কাক সাক্ষাৎ কৰিব বিচাৰে? কাৰাগাৰ কৰ্তৃপক্ষই সুধিছে যে তেওঁলোকৰ নামত যদি কোনো সম্পত্তি আছে, সেয়া কাৰোবাৰ নামত স্থানান্তৰ কৰিব বিচাৰে নেকি, কোনো ধৰ্মীয় গ্ৰন্থ পঢ়িব বিচাৰে নেকি বা কোনো ধৰ্মগুৰুক লগ পাব বিচাৰে নেকি? যদি বিচাৰে তেন্তে এই ইচ্ছা ১ ফেব্ৰুৱাৰীৰ পূৰ্বে পূৰণ কৰিব পাৰে।

নৱভাৰত টাইমছৰ খবৰ অনুসৰি, চাৰিওজন দোষীৰ ভিতৰত এজনে নিজৰ জীৱন শেষ হোৱাৰ ভয়ত খোৱা–লোৱা এৰি দিছে। আন এজনেও কম পৰিমাণে গ্ৰহণ কৰিছে খাদ্য। কাৰাগাৰ সূত্ৰৰ পৰা জানিব পৰা মতে, বিনয় নামৰ দোষীজনে দুদিন ধৰি খাদ্য গ্ৰহণ কৰা নাছিল। কিন্তু বুধবাৰে বাৰম্বাৰ খাবলৈ কোৱাৰ পিছত কিছু পৰিমাণৰ খাদ্য গ্ৰহণ কৰে। আনহাতে, দোষী পৱনে কাৰাগাৰত কমাই দিছে খাদ্য।

চাৰিওজন দোষীক ৩নং জে’লত পৃথকে পৃথকে ৰখা হৈছে। প্ৰতিজন দোষীৰ চেলৰ বাহিৰত দুজন নিৰাপত্তাৰক্ষী ৰখা হৈছে। ইয়াৰ ভিতৰত এজন তামিলনাডু বিশেষ আৰক্ষীৰ জোৱান আৰু আনজন তিহাৰ জে’ল কৰ্তৃপক্ষৰ ফালৰ। প্ৰতি দুঘণ্টাৰ মূৰে মূৰে নিৰাপত্তাৰক্ষীসকলক বিশ্ৰাম দিয়া হয়। দুঘণ্টাৰ মূৰে মূৰে আন নিৰাপত্তাৰক্ষী মোতায়েন কৰা হয়। প্ৰতিজন কয়দীৰ বাবে ২৪ ঘণ্টাত ৮জনকৈ নিৰাপত্তাৰক্ষী নিয়োগ কৰা হৈছে। অৰ্থাৎ চাৰিওজন কয়দীৰ বাবে মোতায়েন কৰা হৈছে ৩২জন নিৰাপত্তাৰক্ষী।

১ ফেব্ৰুৱাৰীত চাৰিওজনৰ ফাঁচিৰ দিন নিৰ্ধাৰণ কৰা হৈছে। যদি ইয়াৰ মাজত মুকেশৰ বাদে আন তিনি দোষীয়ে কোনো ক্ষমা আবেদন দাখিল কৰে তেন্তে গোচৰটো পুনৰ কিছুদিনৰ বাবে আগবাঢ়িব পাৰে। হয়তো ফাঁচিৰ বাবে পুনৰ নতুন দিন ঘোষণা কৰা হ’ব পাৰে।
আৰু চাওক
পৰৱৰ্তী বাতৰি