নিৰ্ভয়া কাণ্ড : ক্ষমা আবেদন খাৰিজক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত আবেদন দোষী মুকেশৰ, শীঘ্ৰে শুনানিৰ দাবী

News18 Assam | News18-Assam
Updated:January 27, 2020, 12:16 PM IST
নিৰ্ভয়া কাণ্ড : ক্ষমা আবেদন খাৰিজক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত আবেদন দোষী মুকেশৰ, শীঘ্ৰে শুনানিৰ দাবী
উচ্চতম ন্যায়ালয়ত মুকেশৰ ফালৰ পৰা দাখিল কৰা মৃত্যুৰ শাস্তিৰ বিৰুদ্ধে দাখিল কৰা আবেদন খাৰিজ কৰাৰ পিছত মুকেশে ক্ষমা আবেদন দাখিল কৰিছিল।

উচ্চতম ন্যায়ালয়ত মুকেশৰ ফালৰ পৰা দাখিল কৰা মৃত্যুৰ শাস্তিৰ বিৰুদ্ধে দাখিল কৰা আবেদন খাৰিজ কৰাৰ পিছত মুকেশে ক্ষমা আবেদন দাখিল কৰিছিল।

  • Share this:
নিৰ্ভয়া কাণ্ডৰ দোষী মুকেশ কুমাৰ সিঙে সোমবাৰে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হয়। ৰাষ্ট্ৰপতিয়ে ক্ষমা আবেদন খাৰিজ কৰা সিদ্ধান্তক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰি শীঘ্ৰে শুনানিৰ দাবী জনায় মুকেশে। উচ্চতম ন্যায়ালয়ে দোষী মুকেশৰ অধিবক্তাক সোমবাৰেই শীৰ্ষ আদালত তেওঁৰ আবেদন দাখিল কৰিবলৈ কয়। উচ্চতম ন্যায়ালয়ে নিৰ্ভয়া কাণ্ডৰ দোষী মুকেশৰ আবেদনক লৈ কয় যে যদি কোনো লোকক ফাঁচি দিয়া হয় তেন্তে সেই গোচৰৰ শুনানিতকৈ অধিক গুৰুত্বপূৰ্ণ একোৱেই হ’ব নোৱাৰে।

উল্লেখযোগ্য যে নিৰ্ভয়া কাণ্ডৰ চাৰিওজন দোষীক ১ ফেব্ৰুৱাৰীৰ পুৱা ৬ বজাত ফাঁচি দিয়া হ’ব। উচ্চতম ন্যায়ালয়ত মুকেশৰ ফালৰ পৰা দাখিল কৰা মৃত্যুৰ শাস্তিৰ বিৰুদ্ধে দাখিল কৰা আবেদন খাৰিজ কৰাৰ পিছত মুকেশে ক্ষমা আবেদন দাখিল কৰিছিল।
আৰু চাওক
পৰৱৰ্তী বাতৰি