এখনৰ পিছত আনখন নাটক নিৰ্ভয়া কাণ্ডৰ দোষীৰ, এইবাৰ দোষী পৱন গুপ্তাৰ ক্ষমা আবেদন উচ্চতম ন্যায়ালয়ত

News18 Assam | News18-Assam
Updated:January 17, 2020, 4:05 PM IST
এখনৰ পিছত আনখন নাটক নিৰ্ভয়া কাণ্ডৰ দোষীৰ, এইবাৰ দোষী পৱন গুপ্তাৰ ক্ষমা আবেদন উচ্চতম ন্যায়ালয়ত
তিহাৰ জে’লত বন্দী পৱন গুপ্তাই আবেদন দাখিল কৰি কৈছিল যে ২০১২ চনত ঘটনাৰ সময়ত তেওঁ নাবালক আছিল, সেয়েহে তেওঁৰ বিৰুদ্ধে জুভেনাইল এক্টৰ অধীনত গোচৰ চলা উচিত।

তিহাৰ জে’লত বন্দী পৱন গুপ্তাই আবেদন দাখিল কৰি কৈছিল যে ২০১২ চনত ঘটনাৰ সময়ত তেওঁ নাবালক আছিল, সেয়েহে তেওঁৰ বিৰুদ্ধে জুভেনাইল এক্টৰ অধীনত গোচৰ চলা উচিত।

  • Share this:
নিৰ্ভয়া কাণ্ডৰ আন এজন দোষী পৱন গুপ্তাই এইবাৰ উচ্চতম ন্যায়ালয়ত দাখিল কৰিছে ক্ষমা আবেদন। জানিব পৰা মতে, উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে পৱন গুপ্তা।

পৱন গুপ্তাই নাবালক বুলি দাখিল কৰা আবেদন খাৰিজ কৰিছিল উচ্চ ন্যায়ালয়ে। লগতে উচ্চ ন্যায়ালয়ে পৱন গুপ্তাৰ অধিবক্তা এ পি সিঙক আবেদনকাৰীৰ বয়সৰ ভুৱা প্ৰমাণপত্ৰ আৰু আদালয়ৰ সময় নষ্ট কৰাৰ বাবে সকীয়নি দিছিল। হাইক’ৰ্টে দিল্লী বাৰ কাউন্সিলক অধিবক্তা এ পি সিঙৰ পৰা ২৫ হাজাৰ টকা জৰিমনা লোৱাৰ লগতে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে।

তিহাৰ জে’লত বন্দী পৱন গুপ্তাই আবেদন দাখিল কৰি কৈছিল যে ২০১২ চনত ঘটনাৰ সময়ত তেওঁ নাবালক আছিল, সেয়েহে তেওঁৰ বিৰুদ্ধে জুভেনাইল এক্টৰ অধীনত গোচৰ চলা উচিত।

ইয়াৰ পূৰ্বে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে দোষী মুকেশ সিঙৰ দয়া আবেদন খাৰিজ কৰে। মুকেশ ২০১২ চনৰ নিৰ্ভয়া কাণ্ডৰ চাৰি দোষীৰ ভিতৰত এজন। চাৰিওজন অভিযুক্তৰ বিৰুদ্ধে জাৰি কৰা হৈছে ডেথ ৱাৰেণ্ট। ২২ জানুৱাৰীদ নিৰ্ধাৰণ কৰা হৈছে ফাঁচিৰ দিন।
আৰু চাওক
পৰৱৰ্তী বাতৰি