নিৰ্ভয়া কাণ্ডৰ দোষীৰ ১ ফেব্ৰুৱাৰীত ফাঁচি হ’বনে? এতিয়া প্ৰতিদিনে ফাঁচিৰ পৰা বাচিবলৈ ন ন পন্থা অৱলম্বন কৰিছে নিৰ্ভয়া কাণ্ডৰ দোষী সাব্যস্ত হোৱা কেইজনৰ অধিবক্তাই। বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে দোষী অক্ষয় কুমাৰ সিঙে দাখিল কৰা শুধৰণিমূলক আবেদন খাৰিজ কৰাৰ পিছত নিৰ্ভয়া কাণ্ডত দোষী সাব্যস্ত হোৱা সকলৰ অধিবক্তা এপি সিঙে কয় যে, ‘এই ৰায়দান দিবলৈ উচ্চতম ন্যায়ালয়ৰ সেই পাঁচগৰাকী ন্যায়াধীশ অথবা ৰাষ্ট্ৰপতি ভগৱান নহয়। এনেকুৱা নহয় যে, তেওঁলোকে কৰা সকলো বিচাৰ শুদ্ধ হ’ব।’
দোষী সাব্যস্ত হোৱা কেইজনৰ উকীল সিঙে লগতে কয় যে, ‘অক্ষয়ৰ শুধৰণিমূলক আবেদন ন্যায়ালয়ে নাকচ কৰিলে। দোষী পৱন কুমাৰ গুপ্তা নাবালক হোৱাৰ এক তথ্য ন্যায়ালয়ত তেওঁ দাখিল কৰিব।’
হ’ব নে মুকেশৰ ফাঁচি?পৱন জল্লাদ তিহাৰ জেল পোৱাৰ পিছত জে’লত চৰ্চা চলিছে যে, ১ ফেব্ৰুৱাৰীত নিৰ্ভয়া কাণ্ডৰ দোষী মুকেশক ফাঁচি দিয়া হ’ব। কিন্তু ইটোৰ পিছত সিটো আইনীয় বাধা সন্মুখলৈ অহাৰ বাবে ইয়াৰ এক বিকল্পৰো চৰ্চা চলিছে! জে’লৰ সুত্ৰই কোৱা মতে, নিৰ্ভয়া কাণ্ডৰ চাৰিওটা দোষীক একেটা দিনতে ফাঁচি নিদি, বেলেগ বেলেগ দিনত দিব ফাঁচি। মুঠৰ ওপৰত মৃত্যুদণ্ডৰ পৰা বাচিবলৈ চাৰিও দোষীয়ে চলাইছে ইটোৰ পিছত সিটো প্ৰচেষ্টা। মৃত্যুদণ্ডৰ শাস্তি যাতে যাৱজ্জীৱন কাৰাদণ্ডলৈ সলনি কৰিব পাৰি তাৰ বাবে চেষ্টা চলাই আছে দোষীৰ অধিবক্তাই।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|