মুখ্যপৃষ্ঠা » খবৰ

» দেশ

»Nipah Virus: কোভিডৰ মাজতে নিপা ভাইৰাছৰ আতংক কেৰালাত, ১২ বছৰীয়া শিশুৰ মৃত্যু, কেন্দ্ৰই পঠালে দল

Nipah Virus: কোভিডৰ মাজতে নিপা ভাইৰাছৰ আতংক কেৰালাত, ১২ বছৰীয়া শিশুৰ মৃত্যু, কেন্দ্ৰই পঠালে দল

News18 Assam | News18-Assam
Updated:September 5, 2021, 7:20 PM IST
Nipah Virus: কোভিডৰ মাজতে নিপা ভাইৰাছৰ আতংক কেৰালাত, ১২ বছৰীয়া শিশুৰ মৃত্যু, কেন্দ্ৰই পঠালে দল
ৰাজ্যখনত আন ২জন লোক নিপা ভাইৰাছৰ সংক্ৰমণত আক্ৰান্ত হৈ আছে।

ৰাজ্যখনত আন ২জন লোক নিপা ভাইৰাছৰ সংক্ৰমণত আক্ৰান্ত হৈ আছে।

  • Share this:

কোৰোনা ভাইৰাছ (Corona Virus)ৰ কবলত থকা কেৰালাত আন এক ভাইৰাছৰ সংক্ৰমণে শংকাত পেলাইছে। ৰাজ্যখনত প্ৰতিদিনে হাজাৰ হাজাৰ কোৰোনা কেছ পোহৰলৈ অহাৰ মাজতে ৰাজ্যখনলৈ এই শংকা নমাই আনিছে নিপা ভাইৰাছে (Nipah Virus)।


 নিপা ভাইৰাছৰ সংক্ৰমণত আজি ৰাজ্যখনৰ কোজিকোড জিলাত এজন ১২ বছৰীয়া ল'ৰাৰ মৃত্যু হয়। শিশুটোৰ মৃত্যুৰ পিছতে প্ৰশাসন তৎপৰ হোৱা পৰিলক্ষিত হৈছে। প্ৰশাসনে শিশুটোৰ সংস্পৰ্শলৈ অহা লোকসকলৰ পৰীক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰিছে।


স্বাস্থ্যমন্ত্ৰী বীণা জৰ্জে কয় যে কোজিকোড জিলাৰ শিশুটো নিপা ভাইৰাছৰ বাবে মৃত্যুবৰণ কৰাৰ পিছত তেওঁৰে ১৮৮গৰাকী লোকৰ প্ৰাথমিক সম্পৰ্ক ঘটা বুলি জানিব পৰা গৈছে। ইয়াৰ ভিতৰত ২০গৰাকী ব্যক্তি উচ্চ বিপদাশংকাৰ শ্ৰেণীত আছে বুলি জানিবলৈ দি তেওঁ এই লোকসকলক আজি চিকিৎসা মহাবিদ্যালয়লৈ স্থানান্তৰ কৰাৰ বিষয়ে জানিবলৈ দিয়ে।



উল্লেখ্য, ৰাজ্যখনত আন ২জন লোক নিপা ভাইৰাছৰ সংক্ৰমণত আক্ৰান্ত হৈ আছে। ৰাজ্যখনত নিপা ভাইৰাছৰ সংক্ৰমণ যাতে বিয়পি নাযায়, তাৰ বাবে ব্যৱস্থা লোৱা হৈছে। তেওঁ লোকসকলক ভাইৰাছৰ বিষয়ে আতংকিত নহ'বলৈ আহ্বান জনায়। ইফালে, নিপা ভাইৰাছৰ ঘটনা পোহৰলৈ অহাৰ পিছতে কেন্দ্ৰীয় চৰকাৰে কেৰালালৈ এটা দল প্ৰেৰণ কৰিছে। দলটোৱে ৰাজ্যিক কৰ্তৃপক্ষক কাৰিকৰী সহায় আগবঢ়াব।

Published by: Gautam Barman
First published: September 5, 2021, 7:20 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি