সাৱধান! আকৌ আহিছে ‘নিপাহ’ ভাইৰাছ!

এজন ২৩ বছৰীয়া ছাত্ৰক নিপাহ ভাইৰাছত আক্ৰান্ত হোৱাৰ সন্দেহত এৰ্নাকুলামৰ এখন ব্যক্তিগত হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

news18assam
Updated:June 4, 2019, 12:08 PM IST
সাৱধান! আকৌ আহিছে ‘নিপাহ’ ভাইৰাছ!
FILE PHOTO
news18assam
Updated: June 4, 2019, 12:08 PM IST
কেৰালাত আকৌ নিপাহ ভাইৰাছৰ আতংক। এজন ২৩ বছৰীয়া ছাত্ৰক নিপাহ ভাইৰাছত আক্ৰান্ত হোৱাৰ সন্দেহত এৰ্নাকুলামৰ এখন ব্যক্তিগত হাস্পতালত ভৰ্তি কৰোৱা হৈছে। ছাত্ৰজনৰ শৰীৰত নিপাহ ভাইৰাছৰ অৱস্থিতি নিশ্চিত কৰিছে চিকিৎসকে। ছাত্ৰজনৰ সংস্পৰ্শলৈ অহা আন চাৰিজন লোকো আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে। ইয়াৰ ভিতৰত দুগৰাকী নাৰ্ছ, যি দুগৰাকীয়ে ছাত্ৰজনৰ চিকিৎসা কৰিছিল। তদুপৰি ছাত্ৰজনৰ দুজন বন্ধুও এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে। আটাইকেইজনক চিকিৎসকৰ তত্বাৱধানত ৰখা হৈছে। কেৰালা চৰকাৰে কয় যে ইয়াক লৈ চিন্তানৰ কাৰণ নাই। স্বাস্থ্য বিভাগ সম্পূৰ্ণৰূপে সাজু আছে।
আৰু চাওক পৰৱৰ্তী বাতৰি