உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • Guwahati Bikaner Express Accident : গুৱাহাটী-বিকানেৰ এক্সপ্ৰেছ দুৰ্ঘটনাত নিহতৰ সংখ্যা ৯ জনলৈ বৃদ্ধি, কমেও ৪০ জনক চিকিৎসালয়ত ভৰ্তি

    Guwahati Bikaner Express Accident : গুৱাহাটী-বিকানেৰ এক্সপ্ৰেছ দুৰ্ঘটনাত নিহতৰ সংখ্যা ৯ জনলৈ বৃদ্ধি, কমেও ৪০ জনক চিকিৎসালয়ত ভৰ্তি

    ৰে'ল দুৰ্ঘটনাত নিহতৰ সংখ্যা ৯ জনলৈ বৃদ্ধি

    ৰে'ল দুৰ্ঘটনাত নিহতৰ সংখ্যা ৯ জনলৈ বৃদ্ধি

    Guwahati Bikaner Express Accident: ৰে'লৱে বিভাগে জনাইছে যে দুৰ্ঘটনাগ্ৰস্ত (North Bengal Train Accident) ৰে'লখনৰ ডবাৰ পৰা সকলো যাত্ৰীক উদ্ধাৰ কৰা হৈছে ৷

    • Share this:
    পশ্চিমবংগৰ দোমোহনীত গুৱাহাটী-বিকানেৰ এক্সপ্ৰেছ ৰে'ল দুৰ্ঘটনাত নিহতৰ সংখ্যা ৯ জনলৈ বৃদ্ধি হৈছে ৷ চিকিৎসালয়ত আঘাতপ্ৰাপ্ত হৈ ৪০ জনৰো অধিক যাত্ৰী চিকিৎসাধীন হৈ আছে৷ আহতসকলৰ ২৮ জনক জলপাইগুৰি ছুপাৰ স্পেচিয়েলিটী হস্পিটেলত (Guwahati Bikaner Express Accident) ভৰ্তি কৰোৱা হৈছে আৰু আন ৭ জন উত্তৰ বংগ চিকিৎসা মহাবিদ্যালয় আৰু মাইনাগুড়ি চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

    ৰে'লৱে বিভাগে জনাইছে যে দুৰ্ঘটনাগ্ৰস্ত (North Bengal Train Accident) ৰে'লখনৰ ডবাৰ পৰা সকলো যাত্ৰীক উদ্ধাৰ কৰা হৈছে৷ পুৱাৰে পৰা দুৰ্ঘটনাগ্ৰস্ত ডবাবোৰ ৰে'ললাইনৰ পৰা আঁতৰাবলৈ কাম আৰম্ভ হৈছিল৷ ডবাৰ ভিতৰত আৰু কোনো যাত্ৰী আৱদ্ধ হৈ আছে নেকি সেয়াও তীক্ষ্ণভাৱে নিৰীক্ষণ কৰা হৈছে ৷

    বৃহস্পতিবাৰে সন্ধিয়া গুৱাহাটী অভিমুখে আহি থাকোঁতে প্ৰায় ৫ বজাত জলপাইগুৰিৰ দোমোহনীত গুৱাহাটী-বিকানেৰ এক্সপ্ৰেছ দুৰ্ঘটনাত পতিত হয়৷ ৰে'লখনৰ মুঠ ১২টা ডবা লাইনচ্যুত হয় ৷ যিধৰণে এটা ডবা আন এটা ডবাৰ ওপৰত উঠি গৈছিল, প্ৰথমতে বহু সংখ্যক লোকে প্ৰাণ হেৰুওৱা বুলি আশংকা কৰা হৈছিল৷ ৰে'ল লাইনত হোৱা ত্ৰুটিৰ বাবেই এই দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি আশংকা কৰা হৈছে ৷ দুৰ্ঘটনাৰ সঠিক কাৰণ নিৰ্ধাৰণ কৰাৰ বাবে উচ্চ পৰ্যায়ৰ তদন্ত আৰম্ভ কৰা হৈছে।
    Published by:Manjumoni Borah
    First published: