চৰাইদেউ জিলাৰ গাতে লাগি থকা নাগালেণ্ডৰ মন জিলাত সংঘটিত হয় এক ভয়ংকৰ ঘটনা। মন জিলা কাৰাগাৰৰ পৰা ৯ দুৰ্ধৰ্ষ কয়দীয়ে পলায়ন কৰা ঘটনাই সমগ্র পাহাৰীয়া জিলাখনৰ জনতাৰ মাজত তীব্ৰ আতংকৰ সৃষ্টি কৰিছে।
ঘটনাৰ সন্দৰ্ভত জানিব পৰা মতে, মন চহৰৰ মাজমজিয়াত থকা মন কেন্দ্ৰীয় কাৰাগাৰৰ পৰা কালি দিনৰ প্ৰায় ১ বজাত পলায়ন কৰে ৯ জন দুৰ্ধৰ্ষ কয়দীয়ে। কাৰাগাৰৰ উচ্চ দেৱাল অতিক্ৰম কৰি পলায়ন কৰাৰ সন্দেহ প্ৰকাশ কৰিছে নগা আৰক্ষীয়ে।
পলাতক নজন কয়দীৰ ভিতৰত দুজন কয়দীয়ে আদালতে চূড়ান্ত শাস্তি বিহা হেতু কাৰাগাৰত আছিল আৰু আন সাতগৰাকী কয়দীৰ গোচৰ আদালতত বিচাৰাধীন অৱস্থাত আছিল।
সমগ্ৰ নাগালেণ্ডৰ মন জিলাত আৰক্ষীয়ে হাই এলাৰ্ট জাৰি কৰি পলাতক কয়দীৰ অনুসন্ধান অব্যাহত ৰাখিছে। পলায়ন কৰা কয়দী কেইগৰাকী হৈছে পনফা কন্যাক,য়েনঘাত,টাইৱান কন্যাক,মানফা কন্যাক,তামযান কন্যাক,আমপুং কন্যাক,তাহয়াও কন্যাক, বনজেল, তাওনিয়াল কন্যাক।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|