Delhi Night Curfew : দিল্লীত আজিৰে পৰা নৈশ সান্ধ্য আইন, নিশা ১০ বজাৰ পৰা পুৱা ৫ বজালৈ নাইট কাৰ্ফিউ

News18 Assam | News18-Assam
Updated:April 6, 2021, 12:37 PM IST
Delhi Night Curfew : দিল্লীত আজিৰে পৰা নৈশ সান্ধ্য আইন, নিশা ১০ বজাৰ পৰা পুৱা ৫ বজালৈ নাইট কাৰ্ফিউ
আজিৰে পৰা ৩০ এপ্ৰিললৈ বলৱৎ হ’ব এই সান্ধ্য আইন। 

আজিৰে পৰা ৩০ এপ্ৰিললৈ বলৱৎ হ’ব এই সান্ধ্য আইন। 

  • Share this:
দেশৰ ৰাজধানী দিল্লীত কোৰোণা ভাইৰাছে পুনৰ ত্ৰাসৰ সৃষ্টি কৰিছে। পৰিস্থিতিলৈ লক্ষ্য ৰাখি অৰবিন্দ কেজৰিৱাল চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। দিল্লী চৰকাৰে দেশৰ ৰাজধানীত তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ নিশা ১০ বজাৰ পৰা পুৱা ৫ বজালৈ নৈশ সান্ধ্য আইন ঘোষণা কৰিছে। আজিৰে পৰা ৩০ এপ্ৰিললৈ বলৱৎ হ’ব এই সান্ধ্য আইন।

এই সান্ধ্য আইনৰ পৰা জৰুৰীকালীন সেৱাসমূহক বাদ দিয়া হৈছে। দিল্লীত কোৰোণাত আক্ৰান্তৰ ঘটনা দ্ৰুতগতিত বৃদ্ধি পাইছে। দৈনিক প্ৰায় চাৰি হাজাৰ নতুন ঘটনা পোহৰলৈ আহিছে। কোৰোণা টেষ্টৰ পজিটিভিটি ৰেটো চাৰে পাঁচ শতাংশ বৃদ্ধি পাইছে। সেইবাবে চৰকাৰে গ্ৰহণ কৰিছে এই সিদ্ধান্ত। শুকুৰবাৰে অৰবিন্দ কেজৰিৱালে কৈছিল যে দিল্লীয়ে সংক্ৰমণৰ চতুৰ্থ ঢৌৰ মুখামুখি হৈছে, কিন্তু লকডাউনৰ ক্ষেত্ৰত এতিয়ালৈ কোনো বিবেচনা কৰা হোৱা নাই।
Published by: Sanjay Kumar Das
First published: April 6, 2021, 12:37 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি