• Home
  • »
  • News
  • »
  • nation
  • »
  • কোৰোণাৰ সংহাৰ! মণিপুৰত বলৱত্‍ কৰা হ’ল সান্ধ্য আইন

কোৰোণাৰ সংহাৰ! মণিপুৰত বলৱত্‍ কৰা হ’ল সান্ধ্য আইন

ভাৰতবৰ্ষত আকৌ আৰম্ভ হৈছে কোৰোণাৰ সংহাৰী ৰূপ।

ভাৰতবৰ্ষত আকৌ আৰম্ভ হৈছে কোৰোণাৰ সংহাৰী ৰূপ।

ভাৰতবৰ্ষত আকৌ আৰম্ভ হৈছে কোৰোণাৰ সংহাৰী ৰূপ।

  • Share this:
ভাৰতবৰ্ষত আকৌ আৰম্ভ হৈছে কোৰোণাৰ সংহাৰী ৰূপ। দিল্লী, মহাৰাষ্ট্ৰ, কেৰালাকে ধৰি কেইবাখনো ৰাজ্যত হঠাত্‍ ভয়ংকৰ ৰূপত বাঢ়িবলৈ ধৰিছে কোৰোণাৰ সংক্ৰমণ। তাৰ মাজতে উত্তৰ পূৱৰ মণিপুৰ চৰকাৰে লৈছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

কোৰোণাৰ ভয়াৱহতালৈ লক্ষ্য কৰি মণিপুৰত সান্ধ্য আইন জাৰি কৰিছে। সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৪ বজালৈকে বলৱত্‍ হৈ থাকিব সান্ধ্য আইন।  এই সময়ছোৱাত ২০ জনতকৈ অধিক লোক এটা সময়ত সমৱেত হ’ব নোৱাৰিব। কিন্তি অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িওৱা বাহনক সান্ধ্য আইনৰ পৰা ৰেহাই দিয়া হৈছে। এই সন্দৰ্ভত বৰ্তমান মণিপুৰ চৰকাৰে জাৰি কৰা গাইড লাই অহা ৩০ নৱেম্বৰলৈকে বলৱত্‍ কৰা হ’ব।
Published by:Himangshu Bhuyan
First published: