বানৰ মাজত সুন্দৰী মডেলৰ ফটোশ্বুট, ছচিয়েল মিডিয়াত চাঞ্চল্য

জলমগ্ন ৰাজপথত ফটোশ্বুট কৰা এইগৰাকী সুন্দৰী মডেলৰ নাম অদিতি সিং। অদিতি পাটনাৰ NIFTৰ ছাত্ৰী।

News18-Assam
Updated:October 1, 2019, 5:59 PM IST
বানৰ মাজত সুন্দৰী মডেলৰ ফটোশ্বুট, ছচিয়েল মিডিয়াত চাঞ্চল্য
Photo : News18 Hindi
News18-Assam
Updated: October 1, 2019, 5:59 PM IST
বিহাৰত প্ৰলয়ংকৰী বানত বিপৰ্যস্ত হৈ পৰিছে স্বাভাৱিক জনজীৱন। ৰাজধানী পাটনাসহ আন কেইবাখনো জিলা বিধ্বংসী বানৰ কবলত পৰিছে। ইয়াৰ মাজতে পাটনাৰ ৰাজপথত এগৰাকী মডেলে কৰা ফটোশ্বুট ভাইৰেল হৈছে ছচিয়েল মিডিয়াত।

জলমগ্ন ৰাজপথত ফটোশ্বুট কৰা এইগৰাকী সুন্দৰী মডেলৰ নাম অদিতি সিং। অদিতি পাটনাৰ NIFTৰ ছাত্ৰী। আচলতে, পাটনাৰ বান পৰিস্থিতি ৰাইজৰ দৃষ্টিগোচৰ কৰাৰ উদ্দেশ্যে এই ফটো আৰু ভিডিঅ’ শ্বুট কৰিছিল অদিতিয়ে। তাৰ পিছত এই ফটো আৰু ভিডিঅ’ ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰে ছাত্ৰীগৰাকীয়ে।

ছচিয়েল মিডিয়াত অদিতিৰ এই পদক্ষেপক প্ৰশংসাৰে ওপচাইছে বহুতে। মডেলগৰাকীৰ ভিডিঅ’–ফটো বহু লোকে লাইক আৰু শ্বেয়াৰ কৰিছে।

Photo : News18 Hindi


পানীৰ মাজত ফটো আৰু ভিডিঅ’ শ্বুট কৰিছে পাটনাৰ বাসিন্দা সৌৰভ অনুৰাজে। এই ফটোশ্বুটৰ বিষয়ে সৌৰভে কয় যে আমাৰ উদ্দেশ্য আছিল পাটনাৰ ৰাজপথৰ পানী এক অন্যধৰণে দৃষ্টিগোচৰ কৰা যাতে ইয়াত পানীত আবদ্ধ লোকসকলে সহায় লাভ কৰে।

Photo : News18 Hindi


আমি ইয়াত দেখুৱাইছো যে পাটনাত কোনো এনে ঠাই নাই য’ত পানী হোৱা নাই। এই সমগ্ৰ ফটোশ্বুট পাটনাতে কৰা হৈছে।

Photo : News18 Hindi


পাটনাৰ বৰিং ৰোড, নাগেশ্বৰ কলনী আৰু ইয়াৰ সমগ্ৰ অঞ্চলত কৰা হৈছে এই ফটো আৰু ভিডিঅ’ শ্বুট।

Photo : News18 Hindi


সৌৰভে কয় যে অদিতি NIFTৰ প্ৰথম বৰ্ষৰ ছাত্ৰী আৰু এগৰাকী মডেল। আমি দুয়ো মিলি এই পৰিকল্পনা কৰিছিলো, ইয়াৰ সৈতে NIFTৰ কোনো সম্পৰ্ক নাই।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি