৫ বছৰৰ অন্তত ন্যায় পালে নিড’ টানিয়াৰ পৰিয়ালে, তিনি হত্যাকাৰীক ৭ বছৰৰ কাৰাদণ্ড

আদালতে ফাৰ্মান, সুন্দৰ আৰু পৱনক ৭ বছৰৰ কাৰাদণ্ড আৰু ২০ হাজাৰ টকাকৈ জৰিমনা বিহে।

News18-Assam
Updated:September 6, 2019, 11:25 AM IST
৫ বছৰৰ অন্তত ন্যায় পালে নিড’ টানিয়াৰ পৰিয়ালে, তিনি হত্যাকাৰীক ৭ বছৰৰ কাৰাদণ্ড
আদালতে ফাৰ্মান, সুন্দৰ আৰু পৱনক ৭ বছৰৰ কাৰাদণ্ড আৰু ২০ হাজাৰ টকাকৈ জৰিমনা বিহে।
News18-Assam
Updated: September 6, 2019, 11:25 AM IST
৫ বছৰৰ অন্তত নিড’ টানিয়াৰ পৰিয়ালে পালে ন্যায়। অৰুণাচলৰ নিড’ টানিয়াৰ হত্যাৰ ৪ অভিযুক্তক দোষী সাব্যস্ত কৰিলে দিল্লীৰ এখন নিম্ন আদালতে । অভিযুক্ত ক্ৰমে ফাৰ্মান, সুন্দৰ, পৱন আৰু ছানী উপ্পলক দিল্লীৰ ছাকেট আদালতে ভাৰতীয় দণ্ডবিধিৰ ৩০৪ৰ অধীনত টানিয়াক দিল্লীৰ লাজপট নগৰত ২০১৪ চনত নৃশংসভাৱে হত্যা কৰাৰ গোচৰত দোষী সাব্যস্ত কৰে।

আদালতে ফাৰ্মান, সুন্দৰ আৰু পৱনক ৭ বছৰৰ কাৰাদণ্ড আৰু ২০ হাজাৰ টকাকৈ জৰিমনা বিহে। আনহাতে, অভিযুক্ত ছানীক ২০ হাজাৰ টকাৰ জৰিমনাসহ তিনি বছৰৰ কাৰাবাস দিয়ে আদালতে।

২০১৪ চনৰ ২৯ জানুৱাৰীত এই চাৰি দুৰ্বৃত্তই ২০ বছৰীয়া অৰুণাচল প্ৰদেশৰ ছাত্ৰ টানিয়াক লাজপত নগৰত উপৰ্যুপৰি প্ৰহাৰ কৰি হত্যা কৰিছিল। সমগ্ৰ দেশ জোকাৰি যোৱা এই হত্যাকাণ্ডই দেশৰ ৰাজধানীত উত্তৰ–পূবৰ লোকৰ নিৰাপত্তাৰ ফোঁপোলা স্বৰূপটো উদঙাই দিছিল।

এই হত্যাকাণ্ডৰ পাছতে কেন্দ্ৰীয় চৰকাৰে বেজবৰুৱা কমিটী গঠন কৰি দেশৰ বিভিন্ন অঞ্চলত বাস কৰি থকা উত্তৰ–পূবৰ লোকসকলৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ প্রচেষ্টা হাতত লৈছিল। ২০১৫ চনতে কমিটীখনে প্ৰতিবেদন দাখিল কৰিছিল। কিন্তু আজিলৈকে প্ৰতিবেদনত
উল্লেখ কৰা প্ৰস্তাৱসমূহ কাৰ্যকৰী নকৰিলে কেন্দ্ৰীয় চৰকাৰে।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTubeFacebook আৰু Twitter ত আমাক ফল’ কৰক।



আৰু চাওক পৰৱৰ্তী বাতৰি