NIAই মুকলি কৰিলে বিধায়ক টিৰং আবহৰ হত্যাকাৰীৰ ফটো, উগ্ৰপন্থীৰ খবৰ দিওঁতালৈ পুৰস্কাৰ ঘোষণা!

৫টা দুৰ্ধৰ্ষ উগ্ৰপন্থীৰ ফটো মুকলি কৰিছে NIAএ

News18-Assam
Updated:August 10, 2019, 9:27 AM IST
NIAই মুকলি কৰিলে বিধায়ক টিৰং আবহৰ হত্যাকাৰীৰ ফটো, উগ্ৰপন্থীৰ খবৰ দিওঁতালৈ পুৰস্কাৰ ঘোষণা!
৫টা দুৰ্ধৰ্ষ উগ্ৰপন্থীৰ ফটো মুকলি কৰিছে NIAএ
News18-Assam
Updated: August 10, 2019, 9:27 AM IST
NIAএ প্ৰকাশ কৰিছে অৰুণাচলৰ NPP বিধায়ক টিৰং আবহৰ হত্যাকাৰী উগ্ৰপন্থীৰ ফটো। ৫টা দুৰ্ধৰ্ষ উগ্ৰপন্থীৰ ফটো মুকলি কৰিছে NIAএ। ৫ উগ্ৰপন্থী হৈছে ৰৱি ৱাংগ্নো, এলী কেটক, এবছোলন টাংখুল, ভিক্তৰ টাংখুল আৰু আপেম। আটাইকেইটা উগ্ৰপন্থী টিৰং আবহ হত্যাকাণ্ডত জড়িত থকাৰ সন্দেহ NIAৰ। ইতিমধ্যে এই পাঁচ দুৰ্ধৰ্ষ উগ্ৰপন্থীৰ সন্ধান দিওতালৈ পুৰস্কাৰৰ ঘোষণা কৰিছে NIAএ। ৰৱি ৱাংগ্নো, এলী কেটক, আপেমৰ ওপৰত দুই লাখ টকা আৰু এবছোলন টাংখুল, ভিক্তৰ টাংখুলৰ ওপৰত আছে তিনি লাখ টকাৰ পুৰস্কাৰ।



উল্লেখযোগ্য যে, যোৱা ২১ মে’ তাৰিখে সন্দেহযুক্ত NSCN কেডাৰে গুলীয়াই হত্যা কৰিছিল অৰুণাচল প্ৰদেশৰ পশ্চিম খুনছা সমষ্টিৰ বিধায়ক টিৰাং আবহ সহ ১১ জনকৈ লোকক।
আৰু চাওক পৰৱৰ্তী বাতৰি