হে মন্ত্ৰী! ‘মধ্যাকৰ্ষণ শক্তি আৱিষ্কাৰ কৰিবলৈ ‘আইনষ্টাইন’ক অংকই সহায় কৰা নাছিল‘

কেন্দ্ৰীয় ৰেল মন্ত্ৰী পিয়ুষ গোৱেলৰ অদ্ভুত মন্তব্য! ছচিয়েল মিডিয়াত ট্ৰ’ল

News18-Assam
Updated:September 12, 2019, 5:07 PM IST
হে মন্ত্ৰী! ‘মধ্যাকৰ্ষণ শক্তি আৱিষ্কাৰ কৰিবলৈ ‘আইনষ্টাইন’ক অংকই সহায় কৰা নাছিল‘
কেন্দ্ৰীয় ৰেল মন্ত্ৰী পিয়ুষ গোৱেল
News18-Assam
Updated: September 12, 2019, 5:07 PM IST
মধ্যাকৰ্ষণ শক্তি কোনে আবিষ্কাৰ কৰিছিল? এই  প্ৰশ্নটোৰ উত্তৰ হাইস্কুলৰ প্ৰতিজন ছাত্ৰই হয়টো দিব পাৰিব! আমি সকলোৱেই জানো মধ্যাকৰ্ষণ শক্তি আবিষ্কাৰ কৰিছিল প্ৰশিদ্ধ বিজ্ঞানী চাৰ আইজাক নিউটনে! কিন্তু দেশৰ এগৰাকী দায়িত্বশীল মন্ত্ৰীয়ে নাজানে মধ্যাকৰ্ষণ শক্তিৰ আৱিষ্কাৰক কোন !!

ৰেল বিভাগৰ লগত জড়িত এটা প্ৰশ্নৰ উত্তৰ দিবলৈ মন্ত্ৰীগৰাকীয়ে উত্তৰত ৰজিতা খোৱাকৈ মধ্যাকৰ্ষণ শক্তিৰ উদ্ধৃতি দিবলৈ যাওঁতেই  জিভা পিচল খালে!

‘মাধ্যাকৰ্ষণ শক্তি আৱিষ্কাৰ কৰিবলৈ হেনো ‘আইনষ্টাইন’ক অংকই সহায় কৰা নাছিল!’– এয়াই দেশৰ এগৰাকী দায়িত্বশীল মন্ত্ৰীৰ ৰাজহুৱা স্থানত মন্তব্য!

মন্ত্ৰীৰ মন্তব্য ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছত এতিয়া  সকলোৱে ট্ৰ’ল কৰিছে পিয়ুষ গোৱেলক। একাংশই আকৌ মন্ত্ৰীগৰাকীক মনত পেলাইয়ো দিছে যে, আইনষ্টাইন নহয় আইজাক নিউটনেহে মাধ্যাকৰ্ষণ শক্তি আৱিষ্কাৰ কৰিছিল!

 
আৰু চাওক পৰৱৰ্তী বাতৰি