দেশৰ বৃহত্তম News Aggregatorsৰ তালিকাৰ শীৰ্ষত News18.com

Mobile Metrix India (Mobile Web)- ৰ ৰিপ’ৰ্ট অনুসৰি নিউজ এগ্ৰিগেটৰ Dailyhunt আৰু  NDTV.com-ক আগষ্ট মাহত চেৰাই গ’ল News18.com

News18-Assam
Updated:September 26, 2019, 2:36 PM IST
দেশৰ বৃহত্তম News Aggregatorsৰ তালিকাৰ শীৰ্ষত News18.com
Mobile Metrix India (Mobile Web)- ৰ ৰিপ’ৰ্ট অনুসৰি নিউজ এগ্ৰিগেটৰ Dailyhunt আৰু  NDTV.com-ক আগষ্ট মাহত চেৰাই গ’ল News18.com
News18-Assam
Updated: September 26, 2019, 2:36 PM IST
দুৰন্ত গতিত আগবাঢ়ি গৈছে News18.com। দেশৰ অন্যতম খবৰৰ ৱেবছাইট বৰ্তমান ‘মাৰ্কেট লিডাৰ’ৰ ৰূপত উদ্ভাসিত হৈছে। ৰাজনীতি, ব্যৱসায়, খবৰ, ক্ৰীড়া, প্ৰযুক্তি তথা মনোৰঞ্জনৰ নতুন নতুন খবৰ আপোনাৰ সন্মুখলৈ লৈ আহিছে News18–এ। ComScore Mobile India (Mobile Web)ৰ ৰিপ’ৰ্ট অনুসৰি জুলাই–আগষ্ট মাহত News18.com–ৰ Unique Visitorৰ সংখ্যা ১০৩.৭৪ মিলিয়ন। অনায়াসেই নিউজ18-এ দেশৰ সৰ্ববৃহৎ নিউজ এগ্ৰিগেটৰ Dailyhunt (১০১.০৯ মিলিয়ন) তথা NDTV.com (৭৬.৩৭ মিলিয়ন)-ক চেৰাই গৈছে।

আৰম্ভ হোৱাৰ মাত্ৰ তিনিবছৰতকৈ (এপ্ৰিল, ২০১৬) কিছু অধিক সময়ৰ ভিতৰতে  News18.com–এ সমগ্ৰ দেশতে সফলতাৰ ধ্বজা উৰুৱাবলৈ সক্ষম হৈছে। প্ৰতিটো আঞ্চলিক ভাষাৰ তালিকাৰ শীৰ্ষত উঠিছে News18ৰ ৱেবছাইটসমূহ। ডিজিটেল নিউজ পাব্লিচাৰ্ছৰ বিশ্বত বৰ্তমান অতি জনপ্ৰিয় ব্ৰেণ্ড হৈ পৰিছে News18। Network18-ৰ  ডিজিটেল মাধ্যমৰ প্রেছিডেন্ট পুণিত সিংভি জনায় যে,
দেশত ডিজিটেল কণ্টেণ্টৰ চাহিদা বাঢ়িছে। আমি অত্যন্ত গৰ্বিত যে, News18.com এই ইণ্ডাষ্ট্ৰিত দূৰন্ত গতিত আগবাঢ়িছে। আমি ডিজিটেল নিউজত আনসকলক পৰাভূত কৰিবলৈ সফল হৈছো। ৰিপ’ৰ্টত প্ৰকাশিত পৰিসংখ্যাই আমাৰ আত্মবিশ্বাস আৰু বঢ়াব। আশা কৰিছো আগন্তুক সময়তো ভাৰতৰ মিডিয়াত Network18–এ এনেদৰেই ভালকৈ কাম কৰি আগুৱাই যাব।
আৰু চাওক পৰৱৰ্তী বাতৰি