পুনাৱালা ফিনকৰ্প লিমিটেড (চাইৰাছ পুনাৱালা গ্ৰুপ)ৰ সৈতে নিউজ১৮ নেটৱৰ্কৰ দুদিনীয়া ‘ৰাইজিং ইণ্ডিয়া ছামিট ২০২৩’ অব্যাহত আছে। এইবাৰৰ সন্মিলনৰ মূল বিষয় ৰখা হৈছিল ‘দ্য হিৰোজ অৱ ৰাইজিং ইণ্ডিয়া’, যাৰ উদ্দেশ্য হৈছে ভাৰতীয়ৰ অসাধাৰণ কৃতিত্বৰ ওপৰত পোহৰ পেলোৱা। এই সন্মিলনত অংশ লৈছিল বোট (BoAt)ৰ সহ-প্ৰতিষ্ঠাপক তথা চিএমঅ’ অমন গুপ্তা, ইলেক্ট্ৰিক দুচকীয়া বাহন নিৰ্মাতা কোম্পানী এথেৰ এনাৰ্জীৰ সহ-প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া তৰুণ মেহতা আৰু চেন্নাইস্থিত স্পেচ-টেক ষ্টাৰ্টআপ অগ্নিকুল ক'ছম'ছৰ শ্ৰীনাথ ৰবিচন্দ্ৰনে।
অনুষ্ঠানত হেডফোন, স্পীকাৰ, ইয়াৰবাডৰ দৰে ইলেক্ট্ৰনিক সামগ্ৰীৰ সুপৰিচিত কোম্পানী বোট (BoAt)ৰ সহ-প্ৰতিষ্ঠাপক তথা চিএমঅ’ অমন গুপ্তাই অংশগ্ৰহণ কৰি নিজৰ কৃতিত্বৰ বিষয়ে কয়। গুপ্তাই কয় যে গেজেট উদ্যোগত ভাৰতীয় ব্ৰেণ্ড সফল হ’ব পাৰে বুলি মানুহে কেতিয়াও ভবাই নাছিল। তেওঁ কয়- আমি পৰিৱৰ্তন হোৱা ভাৰতীয় গ্ৰাহকৰ ওপৰত বিশ্বাস ৰাখি ভাৰতত এটা ব্ৰেণ্ড সৃষ্টি কৰিলোঁ।
বেংগালুৰুস্থিত ইলেক্ট্ৰিক দুচকীয়া বাহন নিৰ্মাতা কোম্পানী এথেৰ এনাৰ্জীৰ সহ-প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া তৰুণ মেহতায়ো অংশ লৈ কয়- মেক ইন ইণ্ডিয়াৰ আগতে 'ডিজাইন ইন ইণ্ডিয়া'ৰ প্ৰয়োজন।
চেন্নাইস্থিত স্পেচ-টেক ষ্টাৰ্টআপ অগ্নিকুল ক'ছম'ছৰ শ্ৰীনাথ ৰবিচন্দ্ৰনে কয়- মোৰ প্ৰথম প্ৰেৰণা আহিছিল দূৰদৰ্শন আৰু পিএছএলভি মুকলিৰ পৰা। ৰবিচন্দ্ৰনে ইছৰ’ই বিকশিত কৰা প্ৰযুক্তিৰ প্ৰতি অতি সন্মানৰ দৃষ্টিৰে চায়।
Published by: Gautam Barman
FIRST PUBLISHED : March 29, 2023, 19:52 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।