লকডাউন শেষ হোৱাৰ পিছত আপুনি আগৰ জীৱনশৈলীলৈ ঘুৰি যাবনে? News18ৰ জৰিয়তে জনাওক মতামত

News18 Assam | News18-Assam
Updated:May 23, 2020, 1:35 PM IST
লকডাউন শেষ হোৱাৰ পিছত আপুনি আগৰ জীৱনশৈলীলৈ ঘুৰি যাবনে? News18ৰ জৰিয়তে জনাওক মতামত
প্ৰকাশ কৰক নিজৰ মতামত।

প্ৰকাশ কৰক নিজৰ মতামত।

  • Share this:
যথেষ্ট পৰিমাণৰ শিথিলতাৰ মাজত দেশত অব্যাহত আছে লকডাউন ৪.০। কোৰোণা আক্ৰান্তৰ সংখ্যা অসমত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে। মহাৰাষ্ট্ৰৰ দৰে বাণিজ্যৰ কেন্দ্ৰবিন্দু আখ্যা দিয়া ৰাজ্যত দেশৰ মুঠ কোৰোণা ৰোগীৰ ২১শতাংশৰো অধিক। লকডাউন সম্পূৰ্ণৰূপে শেষ হোৱাৰ পিছতো যে কোৰোণাৰ প্ৰকোপ অব্যাহত থাকিব তাত দ্বিমত নাই। নিজে সাৱধানে থাকি, মাস্ক পৰিধান কৰি, জনবহুল এলেকা পৰাপক্ষত পৰিহাৰ কৰি সামাজিক ব্যৱধান ৰক্ষা কৰাই হ’ব সৰ্বোত্তম উপায়। ইতিমধ্যে ৰে’ল সেৱা, বিমান সেৱা আৰু সকলো ধৰণৰ ৰাজহুৱা পৰিবহন ব্যৱস্থা পুনৰ আৰম্ভ কৰা হৈছে। যথেষ্ট সংখ্যক লোক বহিঃৰাজ্যৰ পৰা নিজৰ নিজৰ ৰাজ্যলৈ উভতিছে। কিন্তু ইয়াৰ মাজতে সংক্ৰমণ কমা নাই বৰং বাঢ়িহে গৈ আছে। এনে পৰিপ্ৰেক্ষিতত আপুনি আপোনাৰ জীৱন কেনেকৈ আগুৱাই নিব। অংশ লওক আমাৰ প’লত আৰু প্ৰকাশ কৰক মতামত।

আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading