সমাজৰ বিভিন্ন ক্ষেত্ৰত সমাজৰ হৈ অৱদান আছে তেওঁলোকৰ। ভাৰতৰ সেই সকলো বীৰ সন্তানক সন্মানিত কৰিবলৈ এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছে News18 Network–এ। এই কামত নেটৱৰ্কৰ সৈতে আছে Poonawalla Fincorp Ltd। ২৯ আৰু ৩০ মাৰ্চত দুদিন ধৰি চলিব News18 Networkৰ এই এনক্লেভ। নতুন দিল্লীৰ তাজ পেলেচ হোটেলত হ’ব অনুষ্ঠান।
কেন্দ্ৰীয় চৰকাৰৰ বিশিষ্ট নেতাৰ পৰা আৰম্ভ কৰি সমগ্ৰ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কলা–সংস্কৃতি, খেল, ব্যৱসায় আৰু শিক্ষা ক্ষেত্ৰৰ একাধিক প্ৰতিষ্ঠিত ব্যক্তিয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব। থাকিব বিশ্বৰ বিভিন্ন প্ৰান্তৰ প্ৰতিনিধিও। এই অনুষ্ঠানত এনেভাৱে পৰিকল্পনা কৰা হৈছে, যাতে সমাজৰ বিভিন্ন ক্ষেত্ৰৰ প্ৰতিষ্ঠিত ব্যক্তিসকলে তেওঁলোকৰ মতামত দিয়াৰ লগতে আলোচনাত অংশ ল’ব।
এই অনুষ্ঠানৰ নাম ৰখা হৈছে ‘দ্য হিৰোজ অব ৰাইজিং ইণ্ডিয়া’। ভাৰতৰ অগ্ৰগতিত যিসকলে নিজস্ব উপায়েৰে নিজৰ অৱদান ৰাখিছে, এনে ব্যক্তিসকলক দেশৰ বিভিন্ন প্ৰান্তৰ পৰা বিচাৰি উলিয়াই সন্মানিত কৰাই এই অনুষ্ঠানৰ মূল লক্ষ্য। এই বছৰৰ এই সন্মিলনত সেইসকল ‘সাধাৰণ মানুহ’ৰ অৱদানক সন্মান জনাব, যিসকলৰ কামে সমাজত কোনোবো নহয় কোনোবা ক্ষেত্ৰত ইতিবাচক প্ৰভাৱ পেলাইছে।
এই মেগা ইভেণ্টত ২০জন নায়কক সন্মানিত কৰা হ’ব। তেওঁলোকে এনে কিছুমান সামাজিক কাম আৰম্ভ কৰিছে যিয়ে আনৰ জীৱনত বিশাল পৰিৱৰ্তন আনিছে, সমাজত, ইতিবাচক পৰিৱৰ্তন আনিছে। পুনাৱালা ফিনকৰ্পৰ মেনেজিং ডিৰেক্টৰ অভয় ভুটাদাই এই সন্দৰ্ভত কয়, ‘পুনাৱালা ফিনকৰ্প, ৰাইজিং ইণ্ডিয়া ছামিট ২০২৩ৰ বাবে নেটৱৰ্ক১৮ৰ সৈতে কাম কৰিবলৈ পাই আনন্দিত। এয়া এনে এক প্লেটফৰ্ম, যি সাধাৰণ মানুহৰ অসাধাৰণ কৃতিত্বক উদযাপন কৰিব।’’
এই অনুষ্ঠান ২৯ মাৰ্চ আৰু ৩০ মাৰ্চত নেটৱৰ্ক১৮ৰ সকলো চেনেল আৰু ইউটিউব চেনেলত সম্প্ৰচাৰিত কৰা হ’ব।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : March 29, 2023, 13:17 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।