চেলিম–ছুলেইমানৰ থীম ছং মুকলিৰে News18 Network আৰু BYJU–ৰ নতুন অনুষ্ঠান ‘Young Genius’

- News18 Assam
- Last Updated: January 7, 2021, 12:14 PM IST
দেশৰ প্ৰতিটো প্ৰান্তৰ শিশু প্ৰতিভাই শিক্ষা, পাৰফৰ্মিং আৰ্টছ, প্ৰযুক্তি আৰু ক্ৰীড়াক্ষেত্ৰত দেখুওৱা প্ৰদৰ্শনৰ বাবে তেওঁলোকক ইয়াত তুলি ধৰা হ’ব। এই প্ৰতিভাধৰ সকলৰ বাচনি কৰা হৈছে এক দীঘলীয়া প্ৰক্ৰিয়াৰে বিশেষ জুৰীৰ দ্বাৰা য’ত আছে নিটি আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়া অমিতাভ কান্ত, পদ্মভূষণ ডঃ মল্লিকা চাৰাভাই, প্ৰাক্তন ভাৰতীয় হকী টীম অধিনায়ক চৰ্দাৰ সিং আৰু CNBC-TV18ৰ মেনেজিং এডিটৰ চিৰিন ভান।
অনুষ্ঠান আৰম্ভ কৰাৰ প্ৰাকক্ষণত ‘ওমৰ চোটি, কাম বৰে’ শীৰ্ষক এটি থীম ছং মুকলি কৰা হয়। এই গীতটি ৰচনা কৰাৰ লগতে গাইছে চেলিম–ছুলেইমানে। লিখিছে শ্ৰদ্ধা পণ্ডিতে। ইতিমধ্যে টিভি, ডিজিটেল আৰু ৰেডিঅ’ত গীতটি মুকলি কৰা হৈছে। এন্থেমটো প্ৰযোজনা কৰিছে Story Yarn Films–এ।