• Home
  • »
  • News
  • »
  • nation
  • »
  • News18 is the New No. 1: ভাৰতীয় ভাষাত News 18 শীৰ্ষত, শীৰ্ষস্থানৰ পৰা আঁতৰিল টাইমছ গ্ৰুপ

News18 is the New No. 1: ভাৰতীয় ভাষাত News 18 শীৰ্ষত, শীৰ্ষস্থানৰ পৰা আঁতৰিল টাইমছ গ্ৰুপ

নিউজ–১৮ৰ ভাৰতীয় ভাষাৰ ১২টা ৱেবছাইটত জুন ২০২১ত ৯৪১ নিযুত পেজ ভিউ লাভ কৰিছিল।

নিউজ–১৮ৰ ভাৰতীয় ভাষাৰ ১২টা ৱেবছাইটত জুন ২০২১ত ৯৪১ নিযুত পেজ ভিউ লাভ কৰিছিল।

নিউজ–১৮ৰ ভাৰতীয় ভাষাৰ ১২টা ৱেবছাইটত জুন ২০২১ত ৯৪১ নিযুত পেজ ভিউ লাভ কৰিছিল।

  • Share this:

News 18 এতিয়া ভাৰতীয় ভাষাৰ মোবাইল দৰ্শকৰ বাবে দেশৰ আটাইতকৈ আকৰ্ষণীয় ডিজিটেল সংবাদ ব্ৰেণ্ড ৰূপে আগশাৰীত আছে। ইয়াৰ জৰিয়তে ই পূৰ্বে শীৰ্ষ স্থানত থকা টাইমছ গ্ৰুপক অতিক্ৰম কৰিছে।


এক আগশাৰীৰ মিডিয়া মিজাৰমেণ্ট এণ্ড এনালাইটিক্স কোম্পানী কমস্ক'ৰ (ComScore)ৰ তথ্যই দেখুৱাইছে যে News 18ৰ ভাৰতীয় ভাষাৰ ১২টা ৱেবছাইটত জুন ২০২১ত ৯৪১ নিযুত পেজ ভিউ লাভ কৰিছিল। ইয়াৰ তুলনাত, টাইমছ গোটৰ স্থানীয় ভাষাৰ ছাইটবোৰে ৯২৪ নিযুত পেজ ভিউ লাভ কৰে।


ডিজিটেল সংবাদ মাধ্যমত দৰ্শক–পাঠক জড়িতৰ মান নিৰ্ণয়ৰ ক্ষেত্ৰত পেজ ভিউ হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ মেট্ৰিক। সেই অনুসৰি News 18 প্ৰথমত থকাৰ বিপৰীতে টাইমছ গ্ৰুপ দ্বিতীয় আৰু ৪৮৬ মিলিয়ন পেজ ভিউৰে তৃতীয় স্থানত আছে লাইভ হিন্দুস্তান। আনহাতে ৪৭৮ মিলিয়ন পেজ ভিউৰে তালিকাৰ চতুৰ্থ স্থানত আছে আজ টক।


স্থানীয় সংবাদৰ পৰা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বাতৰিলৈকে News 18 নেটৱৰ্কৰ ৱেবছাইটবোৰে দৰ্শক–পাঠকসকলক সকলো কভাৰেজৰ কেন্দ্ৰত ৰাখে। News 18-এ প্ৰাসংগিক আৰু চিত্তাকৰ্ষক সংবাদ পৰিবেশনেৰে বিশ্বাসযোগ্য ব্ৰেণ্ড হিচাপে ইয়াৰ খ্যাতি গঢ়ি তুলিছে। ইয়াৰ লগতে পৃথিৱীৰ যিকোনো স্থানৰ ঘটনাক লৈ News 18ৰ সংবাদ লোকতকৈ আগেয়ে পোৱা যায়।


News 18ৰ ৱেবছাইটবোৰে ৰাজনীতি আৰু ক্ৰীড়াৰ পৰা প্ৰযুক্তি আৰু মনোৰঞ্জনলৈকে ভিন্ন ক্ষেত্ৰত তীক্ষ্ণ ভাষ্য, এক্সক্লুচিভ প্ৰবন্ধ, বিশেষ প্ৰতিবেদন আৰু ব্ৰেকিং নিউজ প্ৰদান কৰে। News 18 ইংৰাজীৰ বাহিৰে হিন্দী, তেলুগু, মাৰাঠী, তামিল, বাংলা, মালায়ালম, কানাড়া, গুজৰাটী, অসমীয়া, পাঞ্জাৱী, ওড়িয়া আৰু উৰ্দুত ভাষাত উপলব্ধ।


পঢ়ুৱৈ তথা দৰ্শক সমাজৰ নিৰন্তৰ সমৰ্থন আৰু অটল বিশ্বাসৰ বাবে News 18ৰ ফালৰ পৰা জ্ঞাপন কৰিছে ধন্যবাদ।

Published by:Gautam Barman
First published: