আৰ্থিক সংকটে জুৰুলা কৰিছে দেশ। বন্ধ হৈছে দেশৰ ইটোৰ পিছত উদ্যোগ প্ৰতিষ্ঠান। আৰ্থিক সংকটৰ পৰা দেশক কিছু সকাহ দিবলৈ ভাৰতীয় ৰিজাৰ্ভ বেংকত বিগত ৩০ বছৰে জমা কৰি থোৱা ১.১৫ বিলিয়ন ডলাৰ মূল্যৰ সোণ বিক্ৰী কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে এতিয়া দেশত।
যোৱা আগষ্ট মাহৰ পৰা ৰিজাৰ্ভ বেংকে আৰম্ভ কৰিছে সোণ বিক্ৰীৰ প্ৰক্ৰিয়া। ইয়াৰ আগতে ১৯৯১ চনত ভাৰতে বিদেশী বেংকৰ ওচৰত বিক্ৰী কৰিবলগীয়া হৈছিল ৬৭ টন সোণ। এনেদৰে সোণ বিক্ৰী কৰাৰ পিছতো দেশৰ অৰ্থনীতি এতিয়াও সুস্থিৰ হৈ আছে বুলি মন্তব্য কৰিছে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে।
উল্লেখযোগ্য যে, ভাৰতীয় ৰিজাৰ্ভ বেংকে জালান কমিটিকৰ পৰামৰ্শ মতে বিক্ৰী কৰিছে এই বৃহৎ পৰিমাণৰ সোণ। জালান কমিটিৰ মন্তব্য অনুসৰি ভাৰতীয় ৰিজাৰ্ভ বেংকে সোণৰ বানিজ্য কৰিব পাৰে। কমিটি খনৰ মতে, যদি ধাৰ্য কৰা পৰিমাণতকৈ সোণৰ বানিজ্য কৰি ভাৰতীয় ৰিজাৰ্ভ বেংকে বেছি ধন লাভ কৰে ,তেন্তে বেংকে ভাৰত চৰকাৰক এই ধন দিব পাৰিব।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|