মিছা কথা প্ৰচাৰ কৰাৰ অভিযোগত বিজেপিৰ সাংসদ তথা মুখপাত্ৰ ৰাজ্যবৰ্ধন ৰাথোৰৰ লগতে আন কেইবাগৰাকীও নেতাৰ বিৰুদ্ধে এজাহাৰ মিছা কথা প্ৰচাৰ কৰাৰ অভিযোগত বিজেপিৰ সাংসদ তথা মুখপাত্ৰ ৰাজ্যবৰ্ধন ৰাথোৰৰ লগতে আন কেইবাগৰাকীও নেতাৰ বিৰুদ্ধে এজাহাৰ কেৰালাত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কৰা এটা মন্তব্য উদয়পুৰত দৰ্জী হত্যাকাণ্ড (Udaipur tailor’s murder) প্ৰসংগত ভুলকৈ দাঙি ধৰা বাবে জি হিন্দুস্তান চেনেলৰ এগৰাকী নিউজ এংকৰক মঙলবাৰে উত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ নিজৰ ঘৰৰ পৰা আটক কৰা হয়।
জানিব পৰা মতে, সোমবাৰে পুৱা কংগ্ৰেছ শাসিত ছত্তিশগড় আৰু বিজেপি শাসিত উত্তৰ প্ৰদেশৰ আৰক্ষীয়ে এংকৰ ৰোহিত ৰঞ্জনক নিজৰ জিম্মাত লোৱাৰ বাবে হুলস্থুল কৰিছিল যদিও এংকৰজনক ইউ পি আৰক্ষীৰ অধীনত আটক কৰা হয় । পুৱা ৬:১৬ বজাত এংকৰজনে টুইট কৰি জনাইছিল যে স্থানীয় আৰক্ষী থানাক খবৰ নিদিয়াকৈ ছত্তিশগড় আৰক্ষীয়ে তেওঁৰ দুৱাৰমুখত হাজিৰ হৈছিল।
আনহাতে ৰায়পুৰ আৰক্ষীয়ে পুৱা ৮:০৯ বজাত টুইটটোৰ উত্তৰত কয় হৈছে যে প্ৰথমে স্থানীয় আৰক্ষীক জনোৱাৰ কোনো নিয়ম নাই আৰু ৰঞ্জনক তেওঁলোকক সহযোগিতা কৰিবলৈ কোৱা হৈছিল।
কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ (Rahul Gandhi) মন্তব্যক উদয়পুৰৰ দৰ্জীৰ হত্যাকাণ্ডৰ ওপৰত কৰা মন্তব্য বুলি মিছা কথা প্ৰচাৰ কৰাৰ অভিযোগত বিজেপিৰ সাংসদ তথা মুখপাত্ৰ ৰাজ্যবৰ্ধন ৰাথোৰৰ (MP and spokesperson Rajyavardhan Rathore) লগতে আন কেইবাগৰাকীও নেতাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে। কংগ্ৰেছ শাসিত ছত্তিশগড় আৰু ৰাজস্থানত এই এফআইআৰ ৰুজু কৰা হৈছে (misrepresented Congress leader Rahul Gandhi’s comment)।
আই পি চিৰ ৫০৪ (ইচ্ছাকৃতভাৱে অপমান কৰা), ৫০৫ (অপৰাধমূলক ভয় দেখুৱাই দিয়া), ১৫৩ এ (ধৰ্ম, জাতি, জন্মস্থান আদিৰ ভিত্তিত বিভিন্ন গোটৰ মাজত শত্ৰুতা বৃদ্ধি কৰা), ২৯৫ এ (ইচ্ছাকৃত আৰু কু-অভিপ্ৰায়মূলক কাৰ্য্য, উদ্দেশ্যপ্ৰণোদিতভাৱে কৰা) ধাৰাত এফ আই আৰ পঞ্জীয়ন কৰা হৈছে।
অভিযোগ উত্থাপন কৰা হৈছে যে জি নিউজৰ এংকৰ ৰোহিত ৰঞ্জনে তেওঁৰ অনুষ্ঠানত ৰাহুল গান্ধীৰ কাৰ্যালয়ত এছ এফ আইৰ হিংসাত্মক ঘটনা সন্দৰ্ভত গান্ধীৰ এটা বিবৃতি প্ৰচাৰ কৰিছিল উদয়পুৰত কানহাইয়া লালৰ জঘন্য হত্যাকাণ্ডৰ ওপৰত কৰা মন্তব্য বুলি।
এই প্ৰসংগত চেনেলটোৱে অৱশ্যে ক্ষমাপ্ৰাৰ্থনা বিচাৰিছে, ৰঞ্জনে কয়, ''কালি আমাৰ শ্ব’ ডি এন এত ৰাহুল গান্ধীৰ বক্তব্য উদয়পুৰৰ কাণ্ডৰ সৈতে সংযোগ কৰি ভুল প্ৰেক্ষাপটত লোৱা হৈছিল, সেয়া আছিল মানৱীয় ভুল যাৰ বাবে আমাৰ দলটোৱে ক্ষমা বিচাৰিছোঁ।"
Published by: Gautam Barman
First published: July 05, 2022, 17:03 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|