৩. এই আইনে কৃষকসকলক উত্পাদত ফচল বিক্ৰীৰ ক্ষেত্ৰত স্বাধীনতা প্ৰদান কৰিব বুলি বিশ্বাস কৰেনে?
৪.মণ্ডিৰ পৰিৱৰ্তে কৃষকসকলক নিজৰ উত্পাদিত ফচল অন্য স্থানত বিক্ৰী কৰাৰ ক্ষেত্ৰত দিয়া স্বাধীনতাক সমৰ্থন কৰেনে?
এনেদৰে প্ৰায় ১২টা প্ৰশ্ন কৰা হৈছিল। আৰু তাৰে ভিতৰত আশ্বৰ্যজনক ভাবে কৃষক সকলক এই নতুন আইন কেইখনে সহায় কৰিব বুলিহে মন্তব্য কৰিছে অধিকাংশ লোকে। আৰু প্ৰতিবাদ বন্ধ হোৱাতো বিচাৰিছে।
৬১ শতাংশ লোকে সমৰ্থন কৰিছে কৃষি বিলক।
৫৪ শতাংশই বিশ্বাস কৰে যে, কৃষক বিদ্ৰোহত আছে কোনো ৰাজনৈতিক শক্তিৰ হাত।
৬৭ শতাংশই বিশ্বাস কৰে যে, নতুন কৃষি আইনৰ অধীনত কৃষকসকলে অধিক লাভৰ মুখ দেখিব।
৭২ শতাংশই ভাৰতীয় কৃষিখণ্ডৰ আধুনীকিকৰণ বিচাৰিছে।
৭৫ শতাংশই কৃষকসকলে মন্দিৰ লগতে অন্যান্য স্থানতো নিজ ইচ্ছাত উত্পাদিত ফচল বিক্ৰী কৰাতো বিচাৰিছে।
৫৯ শতাংশই এম এছ পি চলি থাকিব বুলি চৰকাৰে লিখিত প্ৰতিশ্ৰুতি দিয়াতো বিচাৰিছে।