হনীমুনলৈ গৈ কৰুণ মৃত্যুক সাৱটিলে নৱ বিবাহিতা মহিলাই। হিমাচল প্ৰদেশৰ কিন্নৌৰৰ ছুইচাইড পইণ্টৰ খাৱৈত পৰি ৰহস্যজনক ভাবে মৃত্যু হ'ল পশ্চিমবংগৰ আগৰপাড়াৰ বাসিন্দা জয়িতা দাস(২৮) নামৰ মহিলাগৰাকীৰ।
জনা গৈছে যে, যোৱা ২০ ফেব্ৰুৱাৰীত আগৰপাড়াৰ নৰ্থ ষ্টেচন ৰোডৰ জয়িতা বিয়াত বহিছিল দমদম অঞ্চলৰ বাসিন্দা ৰাহুল পোড্ডাৰৰ সৈতে। বিয়াৰ পিছতে যোৱা ৮ মাৰ্চত নৱ-দম্পত্তি ফুৰিবলৈ বুলি হিমাচল প্ৰদেশলৈ গৈছিল। আৰু তাতেই এই কৰুণ ঘটনাটো সংঘটিত হয়।
শুকুৰবাৰে সন্ধিয়া হিমাচল প্ৰদেশৰ কিন্নৌৰ আৰক্ষী চকীৰ তৰফৰ পৰা ফোনকল লাভ কৰে জয়িতাৰ দেউতাকে। আৰক্ষীয়ে জনাই যে, কিন্নৌৰৰ ছুইচাইড পইণ্টৰ ওচৰৰ দ খাৱৈত পৰি মৃত্যু হৈছে জয়িতাৰ। প্ৰায় চাৰিশৰ পৰা পাঁচশ ফুট গভীৰ খাৱৈত পৰি যায় মহিলাগৰাকী। কিন্তু অক্ষত অৱস্থাত আছে স্বামী ৰাহুল। জয়িতাৰ মৃতদেহ উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে হিমাচল প্ৰদেশ আৰক্ষীয়ে।
এই খবৰ লাভ কৰি কাৰ্যত দিশহাৰা হৈ পৰে জয়িতাৰ পৰিয়াল। খবৰ লাভ কৰে জয়িতাৰ শহুৰৰ ঘৰৰ লোকেও। দুয়োটা পৰিয়ালৰ সদস্যই লগে লগে হিমাচল প্ৰদেশলৈ ৰাওনা হৈছে। শনিবাৰে জনা গৈছে যে, ছুইচাইড পইণ্টৰ কাষতে ছেলফী লবলৈ চেষ্টা কৰিছিল জয়িতাই। আৰু তেতিয়াই অসাৱধানতাৰ বাবে এই মৰ্মান্তিক দুৰ্ঘটনাটো সংঘটিত হয়।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : March 13, 2022, 08:21 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।