loksabha election 2019: ভোট দিবলৈ ভোটকেন্দ্ৰত উপস্থিত দৰা–কইনা, ভেবা লাগিল ভোটাৰ

ভোটকেন্দ্ৰৰ বাহিৰত উপস্থিত থকা লোকসকলে দৰা–কইনাক সুধিলে তেওঁলোকে কাক ভোট দিলে? দুয়োয়ে এগৰাকী প্ৰাৰ্থীকে ভোট দিলে, নে বেলেগ বেলেগ প্ৰাৰ্থীক ভোটদান কৰিলে? এই কথাখিনি শুনি দুয়োয়ে হাঁহিব ধৰিলে।

Dulu Medhi | news18assam
Updated:April 18, 2019, 3:07 PM IST
loksabha election 2019: ভোট দিবলৈ ভোটকেন্দ্ৰত উপস্থিত দৰা–কইনা, ভেবা লাগিল ভোটাৰ
উধমপুৰত নৱবিবাহিতৰ ভোটদান
Dulu Medhi | news18assam
Updated: April 18, 2019, 3:07 PM IST
জম্মু–কাশ্মীৰৰ উধমপুৰ জিলাত বিয়াত বহি থকা সময়ত দম্পতীয়ে দেশৰ প্ৰতি থকা দায়িত্বৰ আদৰ্শ দাঙি ধৰিলে। এই নৱবিবাহিত দম্পতীয়ে নিজৰ বিবাহৰ দিনটোত কিছু প্ৰাথমিক নীতি–নিয়ম পালন কৰি ভোট দিবলৈ ভোটকেন্দ্ৰত উপস্থিত হয়। ভোটকেন্দ্ৰত বিয়াৰ সাজ পিন্ধিয়েই অহা দৰা–কইনাক চাবলৈ ভিৰ কৰিলে ৰাইজে। ইয়াৰ মাজতে দুয়োয়ে নিজৰ জনপ্ৰতিনিধিক নিৰ্বাচন কৰিবলৈ ভোট সাব্যস্ত কৰিলে।

ইয়াৰ মাজেৰে ভোটকেন্দ্ৰত উপস্থিত থকা লোকসকলে সুধিলে যে তেওঁলোকে ভোট কাক দিলে? দুয়োয়ে এগৰাকী প্ৰাৰ্থীকে ভোট দিলে, নে বেলেগ বেলেগ প্ৰাৰ্থীক ভোটদান কৰিলে? এই কথাখিনি শুনি দুয়োয়ে হাঁহিব ধৰিলে। কিন্তু ভোট দিবলৈ এনেকুৱা আগ্ৰহ দেখি উপস্থিত থকা লোকসকল যথেষ্ট সুখী হ’ল।

আজি দেশজুৰি ৯৫টা সমষ্টিৰ যুঁজ। এয়া দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন। পুৱাৰে পৰা বিভিন্ন স্থানত হৈছে EVMৰ বিসংগতি।

কিন্তু বহুকেইখন স্থানত ভোটদান সুচাৰুৰূপে অব্যাহত। লোকসভা নিৰ্বাচনৰ ২০১৯ৰ ফলাফল ঘোষণা হ’ব ২৩ মে’ত।
আৰু চাওক পৰৱৰ্তী বাতৰি