বিয়াত উপহাৰ দিয়াতো এক পৰম্পৰা। উপহাৰ হিচাপে বিভিন্নজনে বিভিন্ন সামগ্ৰী আগবঢ়ায় দৰা–কইনালৈ। কিন্তু এখন বিয়াত বন্ধুবৰ্গই দৰা–কইনাক এনে উপহাৰ দিলে যে বিয়াত উপস্থিত থকা সকলো অবাক।
দামৰ ফালৰ পৰা বৰ্তমান আটাইতকৈ চৰ্চিত এই দুবিধ বস্তু। সেয়ে আন উপহাৰ নিদি নৱ–দম্পতীক বিয়াত বটলত ভৰাই পেট্ৰ’ল আৰু ডিজেল উপহাৰ দিলে বন্ধুবৰ্গই। সম্প্ৰতি এই ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত।
সংবাদ প্ৰতিষ্ঠান এএনআইৰ খবৰ অনুসৰি, তামিলনাডুৰ চেঙ্গালপট্টু জিলাৰ চেয়ুৰ গাঁৱত এই আমোদজনক ঘটনা সংঘটিত হৈছে। বিগত ১৫ দিনত তামিলনাডুত প্ৰতিলিটাৰত ৯ টকা বাঢ়িছে পেট্ৰ’ল আৰু ডিজেলৰ দাম। তামিলনাডুত প্ৰতিলিটাৰ পেট্ৰ’ল বিক্ৰী হৈছে ১১০ টকা ৮৫ পইচাত। ডিজেলৰ দাম প্ৰতিলিটাৰত ১০০.৯৪ টকা।
কিছুদিন পূৰ্বে গ্ৰেছ কুমাৰৰ সৈতে বিয়া হয় কিৰথানা নামৰ এগৰাকী যুৱতীৰ। নৱ–দম্পতীৰ বন্ধুবৰ্গই বিয়াত এই উপহাৰ দিয়াৰ পৰিকল্পনা কৰে।
কেৱল তামিলনাডুতে নহয়, সমগ্ৰ দেশত পেট্ৰ’ল–ডিজেলৰ দাম এনে পৰ্যায় পাইছেগৈ যে এতিয়া ছচিয়েল মিডিয়াত হাঁহি–ঠাট্টাৰ বিষয় হৈ পৰিছে। সামাজিক মাধ্যমত পেট্ৰ’ল–ডিজেলৰ মূল্যবৃদ্ধিক লৈ ওলাইছে নানা ধৰণৰ মিম।
Published by: Sanjay Kumar Das
First published: April 08, 2022, 15:55 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|