• Home
  • »
  • News
  • »
  • nation
  • »
  • টকাৰ কাৰণে মাকৰ কোলাৰ পৰা নৱজাতকক টানি আনি কিন্নৰৰ নৃত্য, কেঁচুৱাৰ মৃত্যু!

টকাৰ কাৰণে মাকৰ কোলাৰ পৰা নৱজাতকক টানি আনি কিন্নৰৰ নৃত্য, কেঁচুৱাৰ মৃত্যু!

ক্ষুব্ধ প্ৰতিৱেশীয়ে ঘেৰাও কৰে কিন্নৰৰ দলটো। 

ক্ষুব্ধ প্ৰতিৱেশীয়ে ঘেৰাও কৰে কিন্নৰৰ দলটো। 

ক্ষুব্ধ প্ৰতিৱেশীয়ে ঘেৰাও কৰে কিন্নৰৰ দলটো। 

  • Share this:
মাতৃৰ কোলাত নিশ্চিন্তমনে শুই থকা এটি কণমানি কেঁচুৱাই সাৱটিলে ভয়ংকৰ মৃত্যুক। মাকে কোলাত লৈ থকাৰ সময়তে সেই স্থানত উপস্থিত হয় এটা কিন্নৰৰ দল। কেঁচুৱাক আশীৰ্বাদ দিয়াৰ নামত মাতৃৰ কোলাৰ পৰা টান মাৰি শিশুটিক লৈ আহিছিল কিন্নৰকেইজনে। মাকক টকা বিচাৰি নাচি থাকোতেই শিশুটি ঢুকায়। পশ্চিম বংগত সংঘটিত হৈছে এই নিৰ্মম ঘটনা। স্থানীয় ৰাইজে জনোৱা মতে, বিন্নৰ আৰক্ষী থানাৰ অন্তৰ্গত উত্তৰ শিয়ালদহ নিবাসী চন্দন খেলাৰীৰ যঁজা সন্তান জন্ম হৈছিল। ইয়াৰে এটি সন্তানক হৃদযন্ত্ৰৰ সমস্যাৰ কাৰণে হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। জন্মৰ ২০দিন পিছত হাস্পতালৰ পৰা ঘৰলৈ অনাৰ পিছত কিন্নৰো আহি উপস্থিত হয়। ১১হাজাৰ টকা দাবী কৰে কিন্নৰ দলটোৱে আৰু নিদিয়াত পৰিয়ালটোক অশ্ৰাব্য গালি–গালাজ কৰে।

মাকৰ কোলাৰ পৰা তেতিয়াই শিশুটিক টানি আনি নাচিবলৈ ধৰে কিন্নৰকেইজনে। পৰিয়ালে ২হাজাৰ টকা দিবলৈ মান্তি হয়। তেতিয়াই  ৰুগীয়া শিশুটিয়ে সমস্যা পায় আৰু হাস্পতাললৈ নিয়াত চিকিৎসকে মৃত ঘোষণা কৰে।

এই খবৰ বিয়পি পৰাৰ লগে লগে চুবুৰীয়াই কিন্নৰৰ দলটোক ঘেৰাও কৰে যাতে তেওঁলোক পলায়ন কৰিব নোৱাৰে। আৰক্ষীয়ে পৰৱৰ্তী সময়ত আহি তিনিওজনক মুক্ত কৰে। আৰক্ষীয়ে জিম্মাত লৈ তদন্ত অব্যাহত ৰাখিছে।
Published by:Tulika Devi
First published: