• Home
  • »
  • News
  • »
  • nation
  • »
  • Vaccination Policy: আজিৰে পৰা সলনি হৈছে টিকাকৰণ পলিচী, চিধাই ভেকচিন চেণ্টাৰলৈ গৈ ল’ব পাৰিব ভেকচিন

Vaccination Policy: আজিৰে পৰা সলনি হৈছে টিকাকৰণ পলিচী, চিধাই ভেকচিন চেণ্টাৰলৈ গৈ ল’ব পাৰিব ভেকচিন

নতুন পলিচীত স্পষ্টকৈ কোৱা হৈছে যে কোৰোণা ভেকচিনেচনৰ বাবে ব্যক্তিগত হাস্পতালে এতিয়া ইচ্ছামতে দাম ল’ব নোৱাৰিব।

নতুন পলিচীত স্পষ্টকৈ কোৱা হৈছে যে কোৰোণা ভেকচিনেচনৰ বাবে ব্যক্তিগত হাস্পতালে এতিয়া ইচ্ছামতে দাম ল’ব নোৱাৰিব।

নতুন পলিচীত স্পষ্টকৈ কোৱা হৈছে যে কোৰোণা ভেকচিনেচনৰ বাবে ব্যক্তিগত হাস্পতালে এতিয়া ইচ্ছামতে দাম ল’ব নোৱাৰিব।

  • Share this:
দেশজুৰি সোমবাৰৰ পৰা নতুন ভেকচিনেচন পলিচী (New Corona Vaccination Policy) কাৰ্যকৰী হ’ব। নতুন নীতিত ১৮ বছৰৰ পৰা ৪৪ বছৰৰ বয়সৰ লোকসকলে পোনে পোনে ভেকচিন চেণ্টাৰলৈ গৈ ভেকচিন ল’ব পাৰিব। পূৰ্বে ১৮ৰ পৰা ৪৪ বছৰ বয়সৰ লোকে ভেকচিন ল’বৰ বাবে CoWIN এপত এপইণ্টমেণ্ট ল’বলগীয়া হৈছিল। নতুন পলিচী অনুসৰি, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ জৰিয়তে ১৮ৰ পৰা ৪৫ বছৰৰ ভিতৰৰ সকলো লোকে বিনামূলীয়া ভেকচিন লাভ কৰিব। কেন্দ্ৰীয় চৰকাৰে ৪৫ বছৰৰ তলৰ লোকসকলক ভেকচিন দিয়া নাছিল। ৰাজ্য চৰকাৰ আৰু ব্যক্তিগত চিকিৎসালয়ে দিছিল।

নতুন পলিচীত স্পষ্টকৈ কোৱা হৈছে যে কোৰোণা ভেকচিনেচনৰ বাবে ব্যক্তিগত হাস্পতালে এতিয়া ইচ্ছামতে দাম ল’ব নোৱাৰিব। কেন্দ্ৰই ব্যক্তিগত হাস্পতালত ভেকচিনৰ সৰ্বোচ্চ মূল্য নিৰ্ধাৰণ কৰি দিছে। ৭৮০ টকা কোভিশ্বিল্ডৰ এটা ড’জৰ বাবে দিব লাগিব। স্পুটনিকৰ বাবে ১১৪৫ টক আৰু কোভাক্সিনৰ বাবে ১৪১০ টকা ব্যক্তিগত হাস্পতালে ল’ব পাৰিব।

নতুন পলিচী অনুসৰি, CoWIN এপত ৰেজিষ্ট্ৰেচন নকৰা লোকে চৰকাৰী বা প্ৰাইভেট হাস্পতালৰ ভেকচিনেচন চেণ্টাৰলৈ গৈ ৰেজিষ্ট্ৰেচন কৰাব পাৰিব।
Published by:Sanjay Kumar Das
First published: