নতুন চৰকাৰে জুলাই মাহত দাখিল কৰিব বাজেট !

নিৰ্বাচনী ফলাফলৰ পূৰ্বেই বাজেট প্ৰস্তুতৰ কাম আৰম্ভ কৰিলে বিত্ত মন্ত্ৰালয়ে । আহিবলগীয়া নতুন চৰকাৰে জুলাই মাহত লোকসভাত দাখিল কৰিব পূৰ্ণাংগ বাজেট ।

news18assam
Updated:May 15, 2019, 7:41 PM IST
নতুন চৰকাৰে জুলাই মাহত দাখিল কৰিব বাজেট !
নিৰ্বাচনী ফলাফলৰ পূৰ্বেই বাজেট প্ৰস্তুতৰ কাম আৰম্ভ কৰিলে বিত্ত মন্ত্ৰালয়ে । আহিবলগীয়া নতুন চৰকাৰে জুলাই মাহত লোকসভাত দাখিল কৰিব পূৰ্ণাংগ বাজেট ।
news18assam
Updated: May 15, 2019, 7:41 PM IST
নিৰ্বাচনী ফলাফলৰ পূৰ্বেই বাজেট প্ৰস্তুতৰ কাম আৰম্ভ কৰিলে বিত্ত মন্ত্ৰালয়ে । আহিবলগীয়া নতুন চৰকাৰে জুলাই মাহত লোকসভাত দাখিল কৰিব পূৰ্ণাংগ বাজেট ।
চিএনবিচিৰ তথ্য অনুসৰি বিত্ত মন্ত্ৰালয়ে ইতিমধ্যেই আৰম্ভ কৰিছে বাজেট প্ৰস্তুতকৰণৰ প্ৰাৰম্ভিক কাম–কাজ । অহা সপ্তাহৰ পৰা বাজেট প্ৰস্তুতৰ বাবে বিত্ত মন্ত্ৰালয়ৰ বিষয়াই বিভিন্ন উদ্যোগিক প্ৰতিষ্ঠানৰ লগত পৃথকে পৃথকে বৈঠকত ভাগ লব।

২২ মে’ত বিত্ত মন্ত্ৰালয়ৰ একাংশ বিষয়াই দেশৰ অ’ট ইণ্ড্ৰাষ্টীৰ সৈতে এখন বৈঠকত অংশ ল’ব । বৈঠকত অ’ট ইণ্ড্ৰাষ্টীত শেহতীয়াকৈ হোৱা লোকচানৰ ওপৰত আলেচনা কৰা হ’ব ।

উল্লেখযোগ্য যে চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত চলিত চৰকাৰে নিজৰ অন্তিমখন বাজেট দাখিল কৰিছিল । সেইদৰে অহা ২৪ মে’ত অন্য এটা আগশাৰীৰ উদ্যোগিক প্ৰতিষ্ঠানৰ সৈতে এলানি বৈঠকত মিলিত হ’ব বিত্ত মন্ত্ৰালয়ৰ বিষয়াই । ৪ জুনলৈকে চলিব এইখন বৈঠক ।উদ্যোগৰ সৈতে জড়িত এজন লোকৰ বক্তব্য অনুসৰি কাষ্টম ডিউটি আৰু ডাইৰেক্ট টেক্সত পৰিৱৰ্তন হোৱাটো বিচাৰিছে তেওঁলোকে ।কাৰণ জিএছটিৰ ফলত অত্যাধিক ইনডাইৰেক্ট টেক্স বিগত বৰ্ষৰ বাজেটৰ আওঁতাৰ পৰা বাহিৰত আছিল ।

সেইদৰে তেখেতে উল্লেখ কৰে যে বৰ্তমান চলি থকা চৰকাৰেই যদি পুনৰ এবাৰ ক্ষমতালৈ আহে, তেন্তে চলি থকা ব্যৱস্থাটো বিশেষ পৰিৱৰ্তন সাধিব বুলি তেওঁলাকে আশা প্ৰকাশ কৰিছে ।
আৰু চাওক পৰৱৰ্তী বাতৰি