নাগালেণ্ডত উদ্ভিদ বিজ্ঞানীৰ বৃহৎ সাফল্য; আবিষ্কাৰ কৰিলে দুটা নতুন প্ৰজাতিৰ আদাৰ
নাগালেণ্ডত উদ্ভিদ বিজ্ঞানীৰ বৃহৎ সাফল্য; আবিষ্কাৰ কৰিলে দুটা নতুন প্ৰজাতিৰ আদাৰ
Botanical Survey of India (BSI) বিজ্ঞানীয়ে নাগালেণ্ডত আবিষ্কাৰ কৰিছে দুই ধৰণৰ নতুন প্ৰজন্মৰ আদা । ডিমাপুৰ জিলাত আবিষ্কাৰ হোৱা আদা বিধৰ Botanical নাম দিয়া হৈছে zingiber dimapurense আৰু পেৰেন জিলাত আবিষ্কৃত আদা বিধৰ নাম দিয়া হৈছে zingiber perenese ।
ডিমাপুৰৰ আদা বিধৰ অঙ্কুৰৰ দৈৰ্ঘ্য ৯০ ছেন্টিমিটাৰৰ পৰা ১২০ ছেন্টিমিটাৰ আৰু বহু পাত যুক্ত । আনহাতে পেৰেনত পোৱা আদা বিধৰ অংকুৰৰ দৈৰ্ঘ্য প্ৰায় ৭০ ছেন্টিমিটাৰ ।
সমগ্ৰ বিশ্বতে প্ৰায় ১৪১ বিধ আদা প্ৰজাতি পোৱা যায় । তাৰে ২০ বিধেই উত্তৰ পূবত উপলব্ধ।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|