ভাৰতীয় ৰে’লত ৰিজাৰ্ভেচনৰ সময়ত এতিয়াৰ পৰা আৰম্ভ হৈছে কিছু নতুন নিয়ম।
ভাৰতীয় ৰে’লত ৰিজাৰ্ভেচনৰ সময়ত এতিয়াৰ পৰা আৰম্ভ হৈছে কিছু নতুন নিয়ম।
এইবাৰ ৰে’লৰ টিকট লোৱাৰ সময়ত যাত্ৰীয়ে ব্যৱহাৰ কৰিব লাগিব কিছু নতুন কোড। নতুন কোড ভুল হ’লে পৰিব পাৰে সমস্যাত। কাৰণ ভাৰতীয় ৰে’লত ৰিজাৰ্ভেচনৰ সময়ত এতিয়াৰ পৰা আৰম্ভ হৈছে কিছু নতুন নিয়ম।
নতুন কোডবোৰ হৈছে শ্লিপাৰ ক্লাছ - S.L.C , এচি চেয়াৰ কাৰ-C.C.C, থাৰ্ড এছি- 3A B, এচি থ্ৰি টায়াৰ ইকোনোমি- 3EM, ছেকেণ্ড এচি- 2A A, গৰীব ৰথৰ চেয়াৰ কাৰ- CC J, গৰীব ৰথৰ এচি থ্ৰি টায়াৰ - 3A G, ফাৰ্ষ্ট এচি- 1 A H, একজিকিউটিভ ক্লাছ- E.CE, অনুভূতি ক্লাছ- E. AK, ফাৰ্ষ্ট ক্লাছ - F. CF আৰু ভিষ্টাডোম এচি V.S AC DV। ফলত এইবাৰ দূৰণিবটীয়া ৰে’লৰ টিকট কাটিবলৈ গ’লে এই কোডসমূহ মনত ৰাখিব লাগিব আপুনি।
ইয়াৰ উপৰিও দেশৰ প্ৰতিখন ৰাজ্যত ভিষ্টাডোম কোচ আৰম্ভ কৰিবলৈ গৈ আছে ৰে’ল কৰ্তৃপক্ষই। এতিয়া আপোনাৰ মনলৈ আহিব পাৰে ভিষ্টাডোম কোচ কি? সম্পূৰ্ণভাৱে গ্লাছৰ আনকি ৰে’লখনৰ ওপৰৰ ভাগতো গ্লাছৰ ফলত যাত্ৰীয়ে বাহিৰৰ সম্পূৰ্ণ দৃশ্য উপভোগ কৰিব পাৰিব। পৰ্যটন বিকাশৰ ক্ষেত্ৰত ইয়াৰ গুৰুত্ব অপৰিসীম। কাৰণ প্ৰতিটো ভিষ্টাডোম কোচৰ প্ৰতিখন আসনে 180° ঘূৰাই বহি ল’ব পাৰিব যাত্ৰীয়ে। ইয়াৰ ফলত এই কোচসমূহৰ জনপ্ৰিয়তা দিনক দিনে বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে।
দেশত ইতিমধ্যে মুম্বাইৰ দাদৰৰ পৰা গোৱাৰ মাৰগাঁৱলৈ এই নতুন ট্ৰেনত ৰাইজৰ ব্যপক সঁহাৰি পাইছে ৰে’ল কৰ্তৃপক্ষই। ৰে’ল কৰ্তৃপক্ষই দেশৰ প্ৰতিটো জোনত ইতিমধ্যে চিঠিযোগে ৰে’ল ব’ৰ্ডক এই নতুন পৰিকল্পনাৰ বিষয়ে জনাইছে বুলিও জানিব পৰা গৈছে। ভিষ্টাডোম কোচৰ লগত থ্ৰি টায়াৰ ইকনমি ক্লাছো সংলগ্ন হ’ব আৰু উক্ত কোচসমূহৰ ৮৩টাকৈ বাৰ্থ থাকিব।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|