১ফেব্ৰুৱাৰী, ২০২০ৰ পৰা বহুকেইটা পৰিৱৰ্তন সাধন হ’বলৈ গৈ আছে। সকলোতকৈ গুৰুত্বপূৰ্ণ হৈছে সেই দিনটোত বাজেট উত্থাপন কৰিব বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। বাজেটৰ বাহিৰেও আন বহুকেইটা বিষয়ত পৰিৱৰ্তন হ’ব। আহক জানো সেইবিষয়ে...
![]()
বন্ধ হ’ব ২৩খন পলিচী
>> ১ফেব্ৰুৱাৰীৰ পৰা LIC–এ বন্ধ কৰিব এই ২৩খন পলিচীভাৰতীয় জীৱন বীমা নিগমে ৩১জানুৱাৰী, ২০২০ৰ পিছত ২৩খন পলিচী বন্ধ কৰিবলৈ গৈ আছে। অৰ্থাৎ ১ফেব্ৰুৱাৰী, ২০২০ৰ পৰা আপুনি LICৰ এই পলিচী পোৱা বন্ধ হ’ব। গাইডলাইনভাৰতীয় বীমা নিয়ামক তথা বিকাশ প্ৰাধিকৰণ (IRDAI)–এ বীমা কোম্পানীসমূহক নতুন প্ৰডাক্টছৰ গাইডলাইনৰ সৈতে সংগতি নৰখা লাইফ ইন্সুৰেন্স আৰু ৰাইডাৰ্ছসমূহ বন্ধ কৰাৰ নিৰ্দেশ দিছিল। ইয়াৰ আগতে কোম্পানীসমূহক এই প্ৰডাক্টছসমূহ উভতাই লোৱাৰ অন্তিম তাৰিখ ৩০নৱেম্বৰ, ২০১৯বান্ধি দিয়া হৈছিল। পৰৱৰ্তী সময়ত ইয়াক ৩১জানুৱাৰীলৈ বৃদ্ধি কৰা হয়। লগতে প্ৰচলিত জীৱন বীমা পলিচীৰ পৰিৱৰ্তন আৰু দুনাই অনুমতি ল’বলৈ অন্তিম তাৰিখ ২৯ফেব্ৰুৱাৰী, ২০২০কৰা হৈছে।
![]()
আপোনাৰ হাততো আছে নে কি এই ফোন?
>> এইসমূহ স্মাৰ্টফোনত নাপাব WhatsApp১ফেব্ৰুৱাৰীৰ পৰা পুৰণি এণ্ড্ৰয়ড আৰু আইঅ’এছ অপাৰেটিং চিষ্টেমৰ স্মাৰ্টফোনত WhatsApp চাপ’ৰ্ট নকৰে। WhatsApp–এ এই কথা যোৱা বছৰেই ঘোষণা কৰিছিল। একেদৰে এণ্ড্ৰয়ড 2.3.7ৰ ভাৰ্জনতো WhatsApp নচলিব। এইকাৰণে ইউজাৰ্ছে নতুন একাউণ্ট তৈয়াৰ কৰিব নোৱাৰিব।
>> মোবাইল ফোনসহ এই ৫০টা সামগ্ৰী মহঙা হৈ পৰিব১ফেব্ৰুৱাৰী, ২০২০ত মোদী চৰকাৰে দাখিল কৰিবলৈ ওলোৱা বাজেটত কেতবোৰ সামগ্ৰী মহঙা হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। ঘৰুৱা ক্ষেত্ৰক সকাহ দিবলৈ কিছুমান সামগ্ৰীৰ আমদানি শুল্ক বৃদ্ধি হ’ব পাৰে। যদি এয়া হয় তেনেহ’লে ইলেকট্ৰ’নিক্স, ইলেকট্ৰিকেল সামগ্ৰী, কেমিকেল আৰু হস্তশিল্পজাত সামগ্ৰী মহঙা হ’ব পাৰে। মোবাইল ফোন চাৰ্জাৰ, ইণ্ড্ৰাষ্ট্ৰিয়েল কেমিকেল, লেম্প, কাঠৰ ফাৰ্নিচাৰ, কেণ্ডেল, কৃত্ৰিম গহণা আৰু হেণ্ডিক্ৰাফটৰ সামগ্ৰী মহঙা হ’ব পাৰে। লগতে মোবাইল ফোনৰো দাম বাঢ়িব পাৰে।
>> ৰন্ধন গেছৰ দামৰ পৰিৱৰ্তনএক ফেব্ৰুৱাৰীৰ পৰা ৰন্ধন গেছৰ দামৰ পৰিৱৰ্তন হ’ব। ইয়াৰ লগে লগে এয়াৰ টাৰ্বাইন ইন্ধন (ATF)ৰ মূল্যৰো পৰিৱৰ্তন হ’ব। আন্তঃৰাষ্ট্ৰীয় স্তৰত গেছৰ মূল্যৰ পৰিৱৰ্তনৰ প্ৰভাৱ ঘৰুৱা বজাৰতো হয়। প্ৰত্যেক মাহৰ প্ৰথম দিনটোত ৰন্ধন গেছৰ চিলিণ্ডাৰ আৰু আকাশীযানৰ ইন্ধনৰ মূল্যৰ পৰিৱৰ্তন হয়।
>> বেংক কৰ্মচাৰীৰ ধৰ্মঘট১ ফেব্ৰুৱাৰীত নিজৰ দাবী পূৰণ কৰিবলৈ সমগ্ৰ দেশৰ বেংক কৰ্মচাৰীয়ে ধৰ্মঘট কৰিব। কৰ্মচাৰীসকলে প্ৰণালীৱদ্ধ প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰিছে। ইয়াৰ প্ৰথম পদক্ষেপ হিচাপে দুদিনীয়া ধৰ্মঘট কৰিব কৰ্মচাৰীসকলে। যিদিনা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বাজেট দাখিল কৰিব সেইদিনাও বেংক কৰ্মীসকলে ধৰ্মঘট কৰিব।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|